নগাঁও:চাওঁতে চাওঁতে বিদায় ক্ষণত উপনীত আৰু এটা ইংৰাজী বৰ্ষ । বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ থকা ২০২৪ বৰ্ষটোত বহুকেইটা অপৰাধৰ ঘটনাও সংঘটিত হ'ল অসমত । এটা দুটা নহয়, কেবাটাও জঘন্য অপৰাধৰ ঘটনাই কঁপাই গ'ল ৰাজ্য । বিশেষকৈ ট্ৰেডিং কেলেংকাৰীকে ধৰি হত্যা, ধৰ্ষণৰ দৰে জঘন্য ঘটনাই ৰাজ্য জোকাৰি গ'ল বিদায়ী বৰ্ষটোত ।
ট্ৰেডিং কেলেংকাৰী:
২০২৪ বৰ্ষটোত অসমৰ সৰ্বাধিক চৰ্চিত কেলেংকাৰীটোৱেই হৈছে অনলাইন ট্ৰেডিং কেলেংকাৰী । অনলাইন ট্ৰেডিঙৰ নামত অধিক লাভৰ সপোন দেখুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পৰা কেবাটাও অনলাইন ট্ৰেডিং কোম্পানীয়ে কেবাহাজাৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগে একপ্ৰকাৰ জোকাৰি গ'ল ৰাজ্য । যি কেলেংকাৰীৰ তদন্ত কৰিবলৈ দায়িত্ব অৰ্পন কৰিবলগীয়া হৈছে কেন্দ্ৰীয় অনুসন্ধান শাখা চি বি আইক ।
বিশেষকৈ ডি বি ষ্ট্ৰক, ট্ৰেডিং এফ এক্স, বুল্ছ আইজ আদি কেবাটাও অনলাইন ট্ৰেডিং কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছিল সাধাৰণ গ্ৰাহকক লোভত পেলাই হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, এটা অনলাইন ট্ৰেডিং কোম্পানীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত কোটি টকাৰ অনুদান আগবঢ়াবলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ধনৰ উৎস বিচাৰোতেই পোহৰলৈ আহিছিল অনলাইন কেলেংকাৰীৰ তথ্য ।
লগে লগেই অসমত চলি থকা প্ৰতিটো অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে অসম আৰক্ষীৰ অনুসন্ধান শাখাক দায়িত্ব অৰ্পন কৰা হৈছিল । তেতিয়াই আৰক্ষীৰ জালত পৰে অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত বিশাল ফুকন, চুমী বৰাসহ বহুকেইজন । চি আই ডিৰ তদন্তত এটা এটাকৈ অনলাইন কোম্পানীৰ তদন্ত পোহৰলৈ অহাৰ পাছতেই অসম চৰকাৰে অনলাইন কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি কেন্দ্ৰীয় গৃহ বিভাগৰ অনুমোদন মৰ্মে অসমৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে চি বি আয়ে ।
অসমত বাহৰ পাতি তদন্ত অব্যাহত ৰখা চি বি আইৰ দলটোৱে অনলাইন ট্ৰেডিং কোম্পানীৰ সকলো নথি জব্দ কৰাৰ উপৰিও কেলেংকাৰীত জড়িত বহুকেইজনক জেৰা কৰিছে চি বি আইৰ দলে । ইয়াৰোপৰি অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বিনিয়োগকাৰীকো সোধা পোছা কৰিছে চি বি আইৰ দলে। কিন্তু ট্ৰেডিং কেলেংকাৰীটোৰ বিৰুদ্ধে মৌন হৈ থকা বিনিয়োগকাৰীয়ে নিজৰ জমা ধন ওভতাই পাবনে নাই সেই বিষয়ে এই পৰ্যন্ত নিশ্চিত নহয় বিনিয়োগকাৰী ।
স্বাধীনতা দিৱসত বোমাৰ আতংক:
বিদায়ী বৰ্ষটোৰ স্বাধীনতা দিৱসৰ দিনাই বোমাৰ আতংকই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য । ২০২৪ বৰ্ষৰ ১৫ আগষ্টৰ দিনটোত হঠাৎ এটা খবৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতেই । খবৰটো আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ । স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতেই অসমৰ সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ ফালৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ খবৰ ।
লগে লগেই তৎপৰ হৈ পৰে অসম আৰক্ষী । আলফা স্বাধীনে বিবৃতিটোত উল্লেখ কৰা স্থানত অভিযান চলাই বিস্ফোৰণৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোমাসদৃশ সামগ্ৰী । অসম আৰক্ষীৰ তৎপৰতাৰ বাবেই স্বস্তিৰ নিশ্বাস এৰিব পৰা হৈছিল জনসাধাৰণে । পৰৱৰ্তী সময়ত বোমা সংস্থাপনৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক আটক কৰিবলৈয়ো সক্ষম হয় অসম আৰক্ষী ।
ধিঙৰ ধৰ্ষণকাণ্ড:
২০২৪ বৰ্ষৰে ২২ আগষ্টৰ সন্ধিয়া নগাঁও জিলাৰ ধিঙত সংঘটিত এক ধৰ্ষণকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । ২২ আগষ্টৰ সন্ধিয়া ধিঙৰ এটা ৰাজপথৰ কাষতেই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী । অৰ্ধচেতন অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক স্থানীয় লোকৰ তৎপৰতাত প্ৰথমে ধিং এফ আৰ ইউত আৰু পৰৱৰ্তী সময়ত নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।
কিশোৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তাল হৈ পৰিছিল নগাঁও জিলাৰ লগতে সমগ্ৰ অসম । ঘটনা সন্দৰ্ভত এটা দিন পাছতেই অৰ্থাৎ ২৩ আগষ্টত নগাঁও আৰক্ষীয়ে তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ২৪ আগষ্টৰ পুৱতি নিশা অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে এটা পুখুৰীত পৰি মৃত্যু ঘটে অভিযুক্ত তফাজ্জুল ইছলামৰ ।
নগাঁও আৰক্ষীয়ে সদৰী কৰা মতে, আৰক্ষীৰ জিম্মাৰ পৰা পুখুৰীত জঁপিয়াই তফাজ্জুল ইছলাম মৃত্যুমুখত পৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ইছলামৰ পৰিয়ালে এই মৃত্যুৰ ন্যায় বিচাৰি কাষ চাপে গুৱাহাটী উচ্চ ন্যায়লয়ৰ । সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন তফাজ্জুলৰ পৰিয়ালে তৰা গোচৰ ।
কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত থকা আন দুই অভিযুক্তই পলায়ন কৰিছিল যদিও ঘটনা সংঘটিত হোৱাৰ প্ৰায় এটা সপ্তাহ পাছত অৰ্থাৎ ৭ চেপ্টেম্বৰত দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে নগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে । কিশোৰী ধৰ্ষণৰ এই ঘটনাক লৈ ধিং অঞ্চল বন্ধ ঘোষণা কৰাৰ উপৰিও নগাঁৱকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল-সংগঠনে ।