তিনিচুকীয়া, ১০ এপ্ৰিল : তিনিচুকীয়া জিলাৰ শদিয়াত পোহৰলৈ আহিছে ৰাজ্যত চলি থকা বেংক জালিয়াতিৰ এক ভয়ংকৰ তথ্য ৷ উন্মোচিত হোৱা যি তথ্যই সচকিত কৰি তুলিছে সকলোকে ৷ এই বেংক জালিয়াতিৰ আওতাৰ পৰা সাৰি নগ'ল খোদ আৰক্ষী বিষয়াও ৷
তথ্য অনুসৰি, শদিয়া আৰক্ষী জিলাৰ এগৰাকী পূৰ্ব আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি চন্দ্ৰ বৰগোহাঁই নামৰ এজন গৃহৰক্ষী জোৱানে জালিয়াতিৰে ঋণ আবেদন কৰি এছ বি আইৰ পৰা সৰকাইছিল প্ৰায় ছয় লাখ টকা ৷ কিন্তু শেহতীয়াকৈ এছ বি আইৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ অহাৰ পিচতে শদিয়াৰ পূৰ্ব আৰক্ষী অধীক্ষকগৰাকীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে ৷ উক্ত গোচৰৰ ভিত্তিত চলিছে তদন্ত প্ৰক্ৰিয়া ।
উল্লেখ্য এই ঘটনা পোহৰলৈ অহাৰ পিচতে শদিয়া আৰক্ষীৰ হাতলৈ আহি পৰিছে বহু চাঞ্চল্যকৰ তথ্য ৷ পোহৰলৈ আহিছে এই কাণ্ডৰ লগত জড়িত ডিগবৈৰ ৰুণু হাজৰিকা নামৰ এগৰাকী ভুৱা সাংবাদিকৰ নাম ৷ ভুৱা সাংবাদিকগৰাকীয়ে নিজকে এছ বি আই ৰিক'ভাৰী এজেন্ট বুলিও চিনাকি দিয়ে ৷ ৰুণু হাজৰিকাৰ তত্বাৱধানতে নেক্সাচ চলি থকা বুলি আৰক্ষীয়ে সদৰী কৰিছে ।
ইতিমধ্যে শদিয়া আৰক্ষীয়ে ঘটনাৰ লগত জড়িত শদিয়াৰ দুজনকৈ গৃহৰক্ষী জোৱান ক্ৰমে চন্দ্ৰ বৰগোহাঁই (৩৮) , অজিত দলে (৩৭)ৰ লগতে ডিগবৈৰ পৰা 1 নং আৰক্ষী এ পি বি এনৰ ভদ্ৰেশ্বৰ দাস (৩৪) আৰু ডিগবৈৰ এখন কম্পিউটাৰ কেন্দ্ৰৰ গৰাকী আব্দুল ৰহমান (৪৫ )ক আটক কৰি নিজৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই জালিয়াতিৰ লগত জড়িত সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড ৰিক'ভাৰী এজেন্টৰূপী ৰুণু হাজৰিকাক বশিষ্ট আৰক্ষীয়ে গুৱাহাটীত আটক কৰিছে ৷