তেজপুৰ : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহাসিক বাৰেচহৰীয়া ভাওনা সংস্কৃতি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক পাঠ্যক্ৰমত উপলব্ধ । ১৯৬২ চনৰ ভয়াৱহ চীনা আগ্ৰাসনৰ কিছুদিন পাছত জিয়াভৰলী নদীৰ পাৰত ১৯৬৩ চনত স্থাপিত হোৱা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰচেষ্টাত এই বাৰেচহৰীয়া ভাওনা সংস্কৃতি স্নাতক ডিগ্ৰী পাঠ্যক্ৰমত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে আৰু চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা এই বিষয়ক পাঠ্যক্ৰমৰ এখন গ্ৰন্থ প্ৰকাশ পাব । এই বিষয়ে সদৰী কৰিছে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাই ।
স্নাতকৰ পাঠ্যক্ৰমত বাৰেচহৰীয়া ভাওনা
গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত ঐতিহাসিক বাৰেচহৰীয়া ভাওনা (ETV Bharat Assam) অধ্যক্ষ ড৹ হাজৰিকাই ই টিভি ভাৰতক জনাই, "অসমৰ শংকৰী কলা-সংস্কৃতিৰে জীপাল ঠাই ন-দুৱাৰৰ এই ভাওনা সংস্কৃতিক শোণিতকোঁৱৰ গজেন বৰুৱাৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হৈছিল । বাৰেচহৰীয়া ভাওনাৰ দৰে এনে এটি বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ বিশ্ববিদ্যালয়ৰ লগত আলোচনা কৰাত বিশ্ববিদ্যালয়ৰ পৰা স্বীকৃতি লাভ কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো মহাবিদ্যালয়ৰ স্নাতকৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা ইচ্ছানুসৰি বাৰেচহৰীয়া ভাওনা পাঠ্যক্ৰম আৰু কলিয়াবৰৰ হাজাৰী ভাওনা সম্পৰ্কে অধ্যয়ন কৰিবলৈ সুবিধা পাব ।"
অধ্যক্ষ ড৹ হাজৰিকাই লগতে কয়, "বৰ্তমান ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই বিষয়ে স্কীল এনহেচমেণ্ট হিচাপে কাম কৰি আহিছে, ভাওনা কেনেকৈ পৰিবেশন কৰিব লাগে, ইয়াৰ শৈলী কেনেধৰণৰ ইত্যাদি বিষয়ো অধ্যয়ন কৰি আহিছে । এই সকলো সামৰি বাৰেচহৰীয়া ভাওনা এখন কাকতলৈ পৰিণত হৈছে ।"
বিষয়টোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মহাবিদ্যালয়খনৰ অধ্যাপক ড৹ খঞ্জন কুমাৰ দাসে জনাই, "গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা মহাবিদ্যালয়সমূহক দক্ষতা বিকাশৰ এখন পাঠ্যক্ৰম নিৰ্ণয় কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পিছতে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ তৰফৰ পৰা সত্ৰীয়া, শংকৰী কলা-সংস্কৃতিৰ লগত জড়িত অঞ্চল হিচাপে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা আৰু কলিয়াবৰৰ হাজাৰী ভাওনা বিষয়টো গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰাকৈ পাঠ্যক্ৰম যুগুত কৰা হৈছে ।"
দাসে লগতে কয়, "বাৰেচহৰীয়া ভাওনাৰ বিষয়ে বিভিন্ন সময়ত বিশিষ্ট লেখকসকলৰ বহুমূলীয়া লেখা আৰু একেদৰে নগাঁও অঞ্চলৰ সাংস্কৃতিক বৰঘৰস্বৰূপ কলিয়াবৰৰ হাজাৰী ভাওনাৰ বিষয়েও একাধিক লেখা সন্নিৱিষ্ট কৰা হৈছে । শোণিতকোঁৱৰ গজেন বৰুৱা, লীলাধৰ বৰা, ক্ষীৰধৰ বৰুৱা, হিৰু মহন্ত, ভবেন বৰাকে ধৰি মুঠ ১৪ গৰাকী বিশিষ্ট লেখকৰ লেখা এই পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে ।"
পাঠ্যক্ৰমত কিয় সন্নিবিষ্ট হৈছে
তেওঁ কয়, "ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ অধীনস্থ মহাবিদ্যালয়সমূহক বিশেষকৈ দক্ষতা বিকাশ পাঠ্যক্ৰম (Skill Enhancement Course) নিৰ্বাচন কৰিবলৈ অধিকাৰ আৰু পৰামৰ্শ দিছিল । সেই ভিত্তিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ে শোণিতপুৰৰ ন-দুৱাৰৰ জামুগুৰিত দুশ বছৰতকৈও অধিককাল ধৰি অনুষ্ঠিত হৈ অহা বাৰেচহৰীয়া ভাওনা আৰু নগাঁৱৰ কলিয়াবৰ অঞ্চলৰ হাজাৰী ভাওনা আৰু মাতৃভাষাৰ নাট সামৰি পাঠ্যক্ৰম প্ৰস্তুত কৰিছে আৰু ইতিমধ্যে শতাধিক ছাত্র-ছাত্ৰীয়ে বিষয়টো অধ্যয়ন কৰি আছে ।"
লগতে তেওঁ উল্লেখ কৰে, "আমি ছাত্র-ছাত্ৰীৰ পাঠভিত্তিক পাঠ্যক্ৰমৰ বাবে দুয়োটা অঞ্চলৰ ভাওনাৰ লগত জড়িত আৰু বিদ্যায়তনিক দিশত সহায়ক হোৱাকৈ তাৎক্ষণিকভাৱে উল্লেখ কৰাসকলৰ লেখাৰ এটি সংকলনৰ ব্যৱস্থা কৰিছোঁ । এই দুয়োটা ঐতিহ্যমণ্ডিত অনুষ্ঠানৰ অন্তৰ্ভুক্তিয়ে অঞ্চলৰ ৰাইজৰ লগতে ভাওনা সংস্কৃতিৰ অপূৰ্ব ৰূপটোকো আৰু এখোজ আগুৱাই নিয়াৰ লগতে মহাবিদ্যালয় এখনৰ এটি সামাজিক দায়বদ্ধতাৰো পৰিচয় নিৰ্ণয় কৰিছে । অৱশ্যে তাৎক্ষণিকভাৱে সম্পাদনা কৰা গ্ৰন্থ 'বাৰেচহৰীয়া আৰু হাজাৰী ভাওনা' ভৱিষ্যতে সংবৰ্ধন আৰু সংশোধনৰ ব্যৱস্থাও ৰখা হৈছে ।"
বাৰেচহৰীয়া ভাওনা কি
আজিৰে পৰা প্ৰায় ২২৬ বছৰ পূৰ্বে জামুগুৰিহাটৰ স্থানীয় ৰাইজে একত্ৰিত হৈ বাৰটা অঞ্চলৰ লোকে এই ভাওনা অনুষ্ঠিত কৰিছিল । প্ৰত্যেক চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই ভাওনা মহোৎসৱ উত্তৰ অসম তথা বৰ্তমান ভাৰতবৰ্ষৰ এক লেখত ল’বলগীয়া মহোৎসৱ হিচাপে পৰিগণিত হৈছে । শোণিতকোঁৱৰ গজেন বৰুৱা হৈছে এই ভাওনাক জামুগুৰিহাটৰ পৰা উলিয়াই আনি অসম আৰু ভাৰতবৰ্ষৰ সংস্কৃতিপ্ৰেমীৰ লগত চিনাকি কৰি দিয়া প্ৰথম ব্যক্তি ৷
১৭৯৭-৯৮ চনত আৰম্ভ হোৱা এই ভাওনাৰ ১৯৬৯ চনত পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীৰে সকলোকে একত্ৰিত কৰি গজেন বৰুৱাই এক নতুন মাত্ৰা প্ৰদান কৰে ৷ এই মহোৎসৱৰ আছে এক বিশেষ বৈশিষ্ট্য ৷ একেলগে ২০-৩০ খন ভাওনা প্ৰদৰ্শিত হয় উক্ত ভাওনা মহোৎসৱত (Significance of Baresaharia Bhaona) ৷ এই ভাওনাত প্ৰতিটো নামঘৰৰ মাজেৰে একেলগে সূত্ৰই প্ৰৱেশ কৰে ৷ মুঠ ৫০ বিঘা ভূমি এলেকাত পকামূৰা পথাৰত এই ভাওনা প্ৰত্যেক ৪ বছৰৰ মূৰত অনুষ্ঠিত হয় ।
কলিয়াবৰৰ হাজাৰী ভাওনা
আহোম স্বৰ্গদেউ লক্ষ্মী সিংহ আৰু গৌৰীনাথ সিংহৰ দিনত (১৭৮০-১৭৯৫) হাজাৰ শব্দৰ সুন্দৰ প্ৰয়োগ ঘটিছিল যদিও অঞ্চলটোত ভাওনাৰ চৰ্চা পূৰ্বৰ পৰা আছিল । অষ্টাদশ শতিকাৰ মাজভাগৰ পৰা এই ভাওনা হাজাৰী ভাওনা উৎসৱ নামেৰে আৰম্ভ হৈছিল । স'লাল গোঁহাইৰ পৃষ্ঠপোষকতাত 'শএক ভূঞা'সকলে পোনপ্ৰথমে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰাত চাৰিখনীয়া ৰভাৰে হাজাৰী ভাওনা পাতিছিল । পৰৱৰ্তী সময়ত শাকমথি হাজাৰ সংগঠনৰ অনুকৰণত 'কলিয়াবৰ হাজাৰ'ৰ জন্ম দিছিল ।
ৰমাকান্ত বৰুৱা আৰু মুক্তাৰাম বৰুৱাৰ নেতৃত্বত গঢ়ি উঠা এই প্ৰচেষ্টাৰ ফলত একাধিক হাজাৰ গঢ়ি উঠে । হাটবৰ হাজাৰ, বৰভগীয়া হাজাৰ, চতিয়াল হাজাৰ আদি এনে ধৰণৰ হাজাৰৰ উদাহৰণ । বৰ্তমান নতুন ৰূপত এই ভাওনাৰ বিস্তৃতি ঘটিছে আৰু ই অসমীয়া সংস্কৃতিৰ বাবেই অত্যন্ত আশাব্যঞ্জক খবৰ ।