অসম

assam

ETV Bharat / state

কোন শিল্পীয়ে কিমান টকাৰ মাননিত এইবাৰ বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ? - Highest Paid Artist on Bihu Stage

Highest Paid Bihu Artist : বিহুৰ বাবে সাজু হৈছে ৰাজ্যবাসী । এইবাৰ বিহুত গীত পৰিৱেশন কৰিবলৈ কোন শিল্পীয়ে ল'ব কিমান মাননি ? জুবিন-পাপনৰ এইবাৰ বিহুত মাননি কিমান ?

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 12:02 PM IST

Updated : Mar 22, 2024, 1:34 PM IST

কোন শিল্পীয়ে কিমান টকাৰ মাননিত এইবাৰ বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ?
কোন শিল্পীয়ে কিমান টকাৰ মাননিত এইবাৰ বিহুমঞ্চ কঁপাবলৈ সাজু হৈছে ?

গুৱাহাটী, ২২ মাৰ্চ :চাওঁতে চাওঁতে আহি পালে হেঁপাহৰ ৰঙালী । বিহুলৈ মাজত আৰু কেইটামান দিন বাকী । গাঁৱৰ জীয়াৰী-বোৱাৰী ব্যস্ত এতিয়া তাঁতৰ শালত । আখৰাত ব্যস্ত বিহুৱা-নাচনী । ইয়াৰ সমান্তৰালকৈ সাজু হৈছে বিহু সমিতিসমূহো ।

বিহু মঞ্চৰ পৰা ৰাইজক মনোৰঞ্জন দিবলৈ সাজু হৈছে ৰাজ্যৰ কণ্ঠশিল্পী শিল্পীসকলো । ইতিমধ্যে ঠায়ে ঠায়ে বহু কণ্ঠশিল্পীয়ে আৰম্ভ কৰিছে আখৰা । প্ৰতিগৰকী কণ্ঠশিল্পীয়ে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে নিজা নিজা মাননিৰ পৰিমাণ ।

এইবাৰ প্ৰতিখন বিহুমঞ্চৰ বাবে কণ্ঠশিল্পীসকলৰ মাননিৰ পৰিমাণ তলত উল্লেখ কৰা হ’ল -

  • জুবিন গাৰ্গৰ ১০ লাখ টকা
    ক’ত ক’ত গান গাব জুবিনে ?
  • অংগৰাগ পাপন মহন্তৰ ১৫ লাখ টকা
    বিহুৰ বাবে সাজু পাপন
  • দীক্ষুৰ ৪ ৰ পৰা ৫ লাখ টকা
    কিমান টকাৰ মাননিত গান গাব দীক্ষুয়ে ?
  • কৃষ্ণমণি চুতীয়াৰ ৩.৫০ লাখ টকা
  • বিপিন চাউদাঙৰ ২ লাখ ২০ হাজাৰ টকাৰ পৰা ২.৫০ লাখ টকা
  • আচুৰ্য বৰপাত্ৰৰ ৭ৰ পৰা ৭.৫০ লাখ টকা
    কিমান টকাৰ মাননিত গান গাব আচুৰ্য বৰপাত্ৰই ?
  • দীপলিনা ডেকাৰ ৪ লাখ ৫০ হাজাৰ টকা
  • প্ৰিয়ংকা ভৰালীৰ ৩ লাখ ৫০ হাজাৰৰ টকাৰ পৰা ৫ লাখ টকা
    বিহুৰ বাবে সাজু প্ৰিয়ংকা
  • জুবলী বৰুৱাৰ ৪ লাখৰ পৰা ৪.৫০ লাখ টকা
  • সুৱাসনা দত্তৰ ৩ লাখ ৫০ হেজাৰৰ পৰা ৫লাখ টকা
  • বর্ণালী কলিতাৰ ৩.৫০ পৰা ৪.৫০ লাখ টকা
  • শংকুৰাজ কোঁৱৰৰ ৫ ৰ পৰা ৬ লাখ টকা
  • ৰূপম ভূঞাৰ ২ ৰ পৰা ২.৫ লাখ টকা
  • ভৃগু কাশ্যপৰ ৪.৫০ ৰ পৰা ৬ লাখ টকা
  • মন্টুমণিৰ ৩ লাখৰ পৰা ৪ লাখ টকা
  • মৌচম গগৈৰ ২.৫০ লাখ টকাৰ পৰা ৩ লাখ টকা
  • নীল আকাশ ৬.৫০ লাখ টকা
  • বাবু বৰুৱাৰ ২.৫০ লাখৰ পৰা ৩.৫০ লাখ
  • কুসুম কৈলাশ ৫ ৰ পৰা ৫.৫০ লাখ
  • প্ৰবীণ বৰাৰ ৩ লাখ টকাৰ পৰা ৪.৩০ লাখ
  • দেৱজিৎ বৰাৰ ৩ লাখৰ পৰা ৩.৫০ লাখ টকা
  • ৰাকেশ ৰিয়ানৰ ৪.৫০ লাখৰ পৰা ৫ লাখ টকা
    কিমান টকাৰ মাননিত গান গাব ৰাকেশ ৰিয়ানে ?
  • নির্মালি দাসৰ ২ ৰ পৰা ৩ লাখ টকা
  • জীনা ৰাজকুমাৰী ১ লাখ ২০ হাজাৰৰ পৰা ২.৫০ লাখ টকা
  • গায়ত্ৰী হাজৰিকা ২.৫০-৩ লাখ টকা
  • ময়ূৰী দত্ত ২.৫০ লাখৰ পৰা ৩.৫০ লাখ টকা
    বিহুত গীত পৰিৱেশন কৰিবলৈ সাজু শিল্পী
  • ভাস্বতী ভাৰতী ৪০ হাজাৰৰ পৰা ১.৫০ লাখ টকা ৷

লগতে পঢ়ক :ৰাংঢালিৰ সৈতে বিহু নচাত ব্যস্ত ক্লাওৰিয়া-লিটা-আয়েস্কা

Last Updated : Mar 22, 2024, 1:34 PM IST

ABOUT THE AUTHOR

...view details