অসম

assam

ETV Bharat / state

কচুতলিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নতুন আদেশ - GUWAHATI HC ON KACHUTOLI EVICTION

ৰাজ্য চৰকাৰ তথা সকলো পক্ষক ২৯ জানুৱাৰীৰ ভিতৰত সকলো তথ্য-পাতিসহ শপতনামা দাখিল কৰিবলৈ জাননী জাৰি কৰে আদালতে ।

Guwahati HC on Kachutoli Eviction
কচুতলিৰ উচ্ছেদক লৈ উচ্চ ন্যায়ালয়ৰ নতুন আদেশ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 1:56 PM IST

গুৱাহাটী :সোণাপুৰৰ কচুতলিৰ জনজাতীয় বেল্টত স্থগিত ৰখা উচ্ছেদ অভিযান পুনৰ আৰম্ভ কৰিবলৈ প্রশাসনে গ্ৰহণ কৰা প্ৰক্ৰিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্তৱৰ্তী স্থগিতাদেশ জাৰি কৰিছে । উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ কচুতলিৰ জনজাতীয় বেল্টত বেদখল উচ্ছেদক কেন্দ্ৰ কৰি প্ৰায় ৪ মাহ পূৰ্বে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল । তাৰ পিছত কচুতলিৰ একাংশ বাসিন্দাক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ প্রশাসনে যোৱা ৩০ ডিচেম্বৰত জাৰি কৰা জাননীক প্রত্যাহ্বান জনাই একাংশ বাসিন্দাই এলানি লেখ আবেদন কৰিছিল । এই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সৌমিত্র শ‍ইকীয়াৰ বিচাৰপীঠে শুকুৰবাৰে এই আদেশ জাৰি কৰে ।

  • কচুতলিৰ উচ্ছেদ

উল্লেখ্য যে কচুতলিত যোৱা ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা উচ্ছেদ অভিযানথলীত হোৱা প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পাছত আৰক্ষীয়ে চলোৱা গুলীত দুজন প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল আৰু ২২ জন আৰক্ষীকে ধৰি কমেও ৩৫ জন লোক আহত হৈছিল । উক্ত উচ্ছেদ অভিযানত প্ৰায় ২৪০ টা পৰিয়ালক উচ্ছেদ কৰা হৈছিল । আবেদনকাৰীসকলে কচুতলিৰ উচ্ছেদ স্থগিত ৰাখি যোৱা অক্টোবৰ মাহত উচ্চ ন্যায়ালয়ে দিয়া আদেশৰ উলংঘন কৰি প্ৰশাসনে বাসিন্দাসকলক উচ্ছেদৰ জাননী জাৰি কৰা বুলি অভিযোগ তুলি ন্যায়ালয়ৰ কাষ চাপে ।

  • উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চ ন্যায়ালয়ে পূৰ্বৰ নিৰ্দেশটোত প্রশাসনে বেদখলকাৰী বুলি চিনাক্ত কৰা লোকসকলে ভূমিৰ নথি-পত্ৰ থকা বুলি কৰা দাবী সন্দৰ্ভত দাখিল কৰা আবেদন বিবেচনা কৰিবলৈ কামৰূপ মহানগৰ জিলা আয়ুক্তক নির্দেশ দিছিল । সেই অনুসৰি জিলা আয়ুক্তই আবেদন নিষ্পত্তি কৰাৰ পাছতহে উচ্ছেদৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰিব বুলি আদালতে ৰায়দান কৰিছিল ।

কিন্তু জিলা প্রশাসন তথা ৰাজহ বিভাগে আদালতৰ নিৰ্দেশ সম্পূর্ণ পালন নকৰাকৈ, অর্থাৎ বিভিন্নজনৰ আবেদন নিষ্পত্তি নকৰাকৈ উচ্ছেদ চলাবৰ বাবে আৰু বাসিন্দাসকলক কচুতলি এৰি যোৱাৰ নির্দেশ দি ৩০ ডিচেম্বৰত জাননী জাৰি কৰা বুলি গোচৰীয়াই আদালতক অৱগত কৰায় ।

এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা এ আৰ ভূঞাই কয়, "আবেদনলানিৰ শুনানি গ্রহণ কৰি আদালতে প্ৰশাসনৰ এই জাননীৰ কাৰ্যকৰীকৰণত পৰৱৰ্তী শুনানি পর্যন্ত স্থগিতাদেশ জাৰি কৰে আৰু ৰাজ্য চৰকাৰ, ৰাজহ বিভাগকে ধৰি পদকীয়া পক্ষসকললৈ ২৯ জানুৱাৰীৰ ভিতৰত সকলো তথ্য-পাতিসহ শপতনামা দাখিল কৰিবলৈ জাননী জাৰি কৰে ।" ২৯ জানুৱাৰীত আবেদনলানিৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে বুলি তেওঁ অৱগত কৰে ।

লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : শনিবাৰে উদ্ধাৰ হ’ল মুঠ তিনিজন শ্ৰমিকৰ মৃতদেহ - UMRANGSO COAL MINE TRAGEDY

ABOUT THE AUTHOR

...view details