কলিয়াবৰ, 17 জুন:সোঁতৰ লগত উটি যাবলৈ প্ৰস্তুত নোহোৱা ছোৱালীজনীৰ দোকানত চাহৰ জুতি ল'লে স্বাস্থ্যমন্ত্ৰীয়ে । ইতিমধ্যে সংবাদ মাধ্যমত চৰ্চিত হোৱা কলিয়াবৰৰ এইগৰাকী যুৱতীৰ নাম হৈছে হেমপ্ৰভা বিশ্বাস । বিহুনাচৰ বিশ্ব অভিলেখ গঢ়ি পোৱা মাননিৰে চাহৰ দোকান খুলি মাতৃলৈ সহায়ৰ হাত আগবঢ়োৱা হেমপ্ৰভাৰ ব্যতিক্ৰমী চিন্তাৰ খবৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
হেমপ্ৰভাৰ স্বাৱলম্বিতাৰ বাতৰি পাই সামাজিক মাধ্যমৰ জৰিয়তে সুখানুভূতি প্ৰকাশ কৰাৰ পাচত সোমবাৰে সন্ধ্যা মাতৃ-কন্যাৰ চাহৰ বিপণিত উপস্থিত হৈ একাপ গৰম চাহৰ জুতি ল’লে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । হেমপ্ৰভাৰ এই পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে এখন গামোচা পিন্ধাই উৎসাহ দি যুৱতীগৰাকীৰ সৈতে মত বিনিময়ো কৰে ।
তদুপৰি বিপণিখনৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীৰে আলোচনা কৰিব বুলি যুৱতীগৰাকীক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে । কলিয়াবৰ মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ পঢ়া-শুনাৰ বিষয়েও খা-খবৰ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিও দিয়ে ।