কাছাৰ, ৫ ছেপ্টেম্বৰ :ক্ৰীড়াংগনৰ উত্তেজনা পৰিণত হ'ল ৰণাংগনৰ ৰক্তপাতলৈ । ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ কৰি কাছাৰৰ ধলাইত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰা বিজয়ী দলৰ সমৰ্থকক ট্ৰাকেৰে মহটিয়াই নিলে পৰাজিত দলৰ একাংশ সমৰ্থকে । আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত সংঘটিত তুমুল সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক ।
কাছাৰৰ ধলাইত এখন ফুটবল খেলৰ বিজয় উল্লাসক কেন্দ্ৰ দুটা পক্ষৰ মাজত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা । ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰা বিজয়ী দলৰ সমৰ্থকক ট্ৰাকেৰে মহটিয়াই নিয়ে পৰাজিত দলৰ একাংশ সমৰ্থকে । এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে সন্ধিয়া কাছাৰৰ ধলাইত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।
জানিব পৰা মতে, ধলাইত চলি আছিল মাতৃভূমি কাপ ফুটবল টুৰ্ণামেণ্ট । বুধবাৰে টুৰ্ণামেণ্টৰ ছেমিফাইনেল মেচত মুখামুখি হয় ভাগা ইছলামাবাদ দল আৰু লায়লাপুৰ দল । মেচখনত বিজয়ী হয় ভাগা ইছলামাবাদ দল । জয়ৰ পাচত বিজয়ী দলৰ সমৰ্থকসকলে প্ৰথমে খেলপথাৰত আৰু তাৰ পাচত ৰাজপথত ফটকা ফুটাই আনন্দ-উল্লাস কৰে ।