অসম

assam

ETV Bharat / state

যান-বাহনৰ কৰ আদায় নিদিয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ - যান বাহন কৰ ফাঁকি

Fail to pay taxes on time : যান-বাহনৰ কৰ অনাদায়ী বাহনৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ হৈছে পৰিবহণ বিভাগ ৷ উদ্যোগ-প্ৰতিষ্ঠানত অভিযান চলাই থিতাতে আদায় কৰিছে কৰ ৷ সময়সীমা অতিক্ৰম কৰিলেই স্ক্ৰেপ হ’ব অবৈধ বাহন ৷

Fail to pay taxes on time
যান বাহন কৰ ফাঁকি

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:17 PM IST

গুৱাহাটী, ১৭ ফেব্ৰুৱাৰী :যান-বাহন কৰ ফাঁকি দি সম্পূৰ্ণ বে-আইনীভাৱে পথত চলাচল কৰি থকা ব্যক্তিগত, বাণিজ্যিক বাহনৰ গৰাকী, বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান আৰু নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ সষ্টম হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ । বিশেষকৈ অসমৰ বায়ু-পানী সেৱন কৰি অসমতে ব্যৱসায় বাণিজ্য গজগজীয়া কৰিও দীৰ্ঘদিন ধৰি ৰাজ্যখনত যান-বাহন কৰ আদায় নিদিয়া বাহনক যান-বাহন আইনৰ অধীনত অতিৰিক্ত জৰিমনা আৰু কঠোৰ শাস্তি বিহিবলৈকো উদ্যত হৈছে পৰিবহণ বিভাগ ।

কৰ আদায় নিদিয়া গৰাকীৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ

এই সন্দৰ্ভত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে বাৰম্বাৰ আহ্বান জনোৱা সত্বেও বহু বাণিজ্যিক তথা উদ্যোগ প্ৰতিষ্ঠানে বৃহৎ পৰিমাণৰ যানবাহন কৰ আদায় নিদিয়াটো সম্প্ৰতি এটা ভয়ংকৰ বিষয় হিচাপে পৰিগণিত হৈছে ৷ কিয়নো এই বে-আইনী কৰ ফাঁকি ৰাজ্যৰ ৰাজকোষতে এক ডাঙৰ আঘাতস্বৰূপ ৷

সুৰক্ষিত যাতায়াতৰ প্ৰতিও এক প্ৰচণ্ড ভাবুকি ৷ সেয়ে যানবাহন কৰ আদায় নিদি ৰাজপথত ওভতগোৰে চলি যিকোনো সময়তে দুৰ্যোগ দুৰ্ঘটনাৰ আশংকা কঢ়িয়াই অনা বাহনক কোনো কাৰণতে সাৰি যাবলৈ দিয়া ন’হব ৷ শেহতীয়াকৈ বিভাগৰ বিষয়াৰ এটা দলে মহানগৰীৰ বিভিন্ন ব্যৱসায়িক বাহন, উদ্যোগ প্ৰতিষ্ঠানত অতৰ্কিত অভিযান চলাই থিতাতে কৰ আদায় কৰাৰ লগতে অহা ২৯ ফেব্ৰুৱাৰীৰ ভিতৰত নথি-পত্ৰসমূহ নবীকৰণ কৰিবলৈ কঠোৰ সকিয়নী দিয়ে ৷

উল্লেখ্য যে, সহকাৰী পৰিবহণ আয়ুক্তগৰাকীৰ নেতৃত্বত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াৰ দলে চলোৱা অভিযানত কৰ ফাঁকি দিয়া বহুজাতিক প্ৰতিষ্ঠানৰ নিতে নতুন চল চাতুৰীৰ তথ্য পোহৰলৈ আহিছে ৷ বহুতো বহুজাতিক উদ্যোগ প্ৰতিষ্ঠানে আনকি মহানগৰীত সঘনে সলাই প্ৰতিষ্ঠানৰ নাম-ঠিকনা ।

এইবাৰ কিন্তু এনে ভুৱা উদ্যোগ প্ৰতিষ্ঠানতো গৈ উপস্থিত হৈছে বিভাগৰ অভিযানকাৰী দল আৰু লগে লগে যান-বাহন কৰ আদায় দিবলৈ বাধ্য কৰিছে । যোৱা দুদিনত মহানগৰীৰ কেইবা শতাধিক বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থাত অভিযানকাৰী দল উপস্থিত হৈ শীঘ্ৰেই যান-বাহনৰ সকলো কৰ আদায় দিয়াৰ লগতে ফিটনেছ, ইঞ্চিওৰেঞ্চ, প্ৰদূষণ, পাৰ্মিট আদি যাৱতীয় নথিপত্ৰসমূহ নবীকৰণ কৰিবলৈ আহ্বান জনায় । অন্যথা ১ মাৰ্চৰ পৰা আইন অমান্যকাৰী যানবাহনৰ বিৰুদ্ধে “অভিযান ছাৰখাৰ ৩ৰ বাবে সষ্টম হোৱা বুলিও সকিয়নী দিয়ে ।

উল্লেখ্য যে, “অভিযান ছাৰখাৰ ৩” আৰম্ভ হ’লেই যানবাহনৰ নথিপত্ৰ নবীকৰণ হৈ নথকা বাহনৰ বিৰুদ্ধ বৃহৎ পৰিমাণৰ জৰিমণা বিহাৰ লগতে তেনে বাহন জব্দ কৰি স্ক্ৰেপ কৰা হ’ব বুলি তথ্য সদৰী কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ।

লগতে পঢ়ক :গুৱাহাটীত পুনৰ ‘কা’ৰ বিৰুদ্ধে ৰণহুংকাৰ

ABOUT THE AUTHOR

...view details