গুৱাহাটী: শিক্ষা বিভাগে ২৯ ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ‘টেট' তথা মকৰল (নিযুক্তি) পৰীক্ষা গুৱাহাটী উচ্চ ন্যায়ালয়ে পিছুওৱাৰ নিৰ্দেশ জাৰি কৰিছে । ‘টেট' তথা মকৰল (নিযুক্তি) পৰীক্ষা ন্যূনতম ১৫ দিন পিছুওৱাৰ সপক্ষে ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । প্ৰায় এবছৰ পূর্বে বিজ্ঞাপন প্রকাশ পোৱা এই ‘টেট তথা মকৰল পৰীক্ষা'ক লৈ চলা আইনী যুঁজৰ পাছত আদালত অনুমতিত শিক্ষা বিভাগে ২৯ ডিচেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ কৰিছিল ।
কিন্তু ইয়াৰ মাজতে যোৱা ৩ ডিচেম্বৰত এই পৰীক্ষাৰ পাঠ্যক্ৰমৰ বিষয়ত ঘটোৱা সাল-সলনিক লৈ ৬১ গৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাৰ দিন পিছুওৱাৰ আৰ্জিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে । এই আৰ্জিৰ ভিত্তিত শুকুৰবাৰে ৰাজ্যৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অহা ২৯ ডিচেম্বৰত অনুষ্ঠিত কৰিব লগা ‘টেট তথা মকৰল (নিযুক্তি) পৰীক্ষা ন্যূনতম ১৫ দিন পিছুওৱাৰ সপক্ষে ৰায়দান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
উল্লেখ্য যে এই পৰীক্ষাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে প্রার্থীক অনলাইন প্ৰৱেশপত্র প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । শিক্ষা বিভাগৰ উল্লিখিত তাৰিখৰ নতুন জাননীযোগে প্রার্থীসকলে দশম শ্ৰেণীৰ পৰ্যায়ৰ গণিতৰ ১৫ নম্বৰৰ প্রশ্ন পূৰ্বৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰে । তিনি ডিচেম্বৰৰ আগৰ কোনো জাননীত এই বিষয় অন্তৰ্ভুক্ত নাছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত আবেদনকাৰীসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ অৰ্থে পর্যাপ্ত সময় নোপোৱাৰ আপত্তি দৰ্শাই পৰীক্ষা পিছুওৱাৰ বাবে আবেদন জনায় ।