অসম

assam

ETV Bharat / state

যি হ’ল হৈ গ’ল...এনে ভুল দুনাই নকৰোঁ বুলি কাণত ধৰি শপত খালে এজন ব্যক্তিয়ে - ALLEGATIONS OF DEPRIVING FARMERS

যি ভুল কৰিলে সেয়া আগলৈ আৰু কেতিয়াও নকৰে তেওঁ ৷ এবাৰ ভুল কৰি বাৰুকৈয়ে পস্তাবলগীয়া হৈছে ৷ কি ভুল নকৰাৰ শপত ল’লে এইজন লোকে ?

farmers in Dhemaji raise allegation of irregularities against agriculture department
কৃষকক কোনে ৰাম টাঙোন দিলে ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 8, 2024, 9:59 AM IST

ধেমাজি :এতিয়া আগতীয়া কৃষি চপোৱাৰ আৰু ৰবি শস্য আৰম্ভ কৰাৰ বতৰ । পিছে ধেমাজি কৃষিখণ্ডৰ অন্তৰ্গত বৃহত্তৰ বঙালমাৰী গাঁৱৰ পথাৰত বিঘাই বিঘাই আগতীয়া ধান কেৱল ঘাঁহ-বন হাবিয়নিলৈ পৰ্যবসিত হৈছে ৷ পথাৰত কোনোবা এডাল যদি পূৰঠ হৈছে, আন ক’ৰবাত হৈছে পতান ৷ আনকি কোনোডাল ধান গছত আকৌ গেৰ ধৰিছেহে ৷

চৰকাৰ কৃষি বিভাগে দিয়া ধানৰ কঠীয়াৰে কৰা খেতিয়ে লৈছে এই ৰূপ ৷ ধান চপোৱা সময়ত পথাৰৰ খেতি দেখি স্তম্ভিত হৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে চহা কৃষকৰ ।

কৃষকক কোনে ৰাম টাঙোন দিলে ? (ETV Bharat Assam)

ধেমাজি কৃষি চক্ৰৰ অধীনৰ বঙালমাৰী গাঁৱৰ কৃষক মহেন্দ্ৰ বুঢ়াগোঁহায়ে সাত বিঘা মাটিত চৰকাৰ কৃষি বিভাগে দিয়া কঠীয়াৰে কৰিছিল খেতি ৷ কৃষি বিভাগে যোগান ধৰা আগতীয়া ধানৰ খেতি কৰি এতিয়া বিপদত পৰিছে মহেন্দ্ৰ বুঢ়াগোঁহাই । বাৰিষা অতি কষ্টৰে গাঁথিৰ ধন ভাঙি মাটি চহাই বীজ ৰোপণ কৰিছিল । কিন্তু অতি পৰিতাপৰ আৰু আশ্চৰ্যকৰ কথা যে খেতি চপোৱা সময়ত তেওঁ চকুৱে দেখিছে সৰিয়হ ফুল ।

কৃষকগৰাকীয়ে অভিযোগ কৰা মতে, কঠীয়া সিঁচাৰ পূৰ্বে কঠীয়াবোৰ পানীত তিৱাই দিওঁতে গজালি ওলোৱা আৰু পতান ধান দেখি জিলা কৃষি বিষয়া, জিলা আয়ুক্ত আৰু কৃষি উন্নয়ন বিষয়াক অৱগত কৰিছিল ৷ কিন্তু কৃষকসকলৰ কথা সংশ্লিষ্ট বিষয়াই তিলমানো গুৰুত্ব প্ৰদান নকৰিলে বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক :ভদীয়া পথাৰত চিৰাল ফাঁট, নিদ্ৰামগ্ন কৃষি-জলসিঞ্চন বিভাগ - Water Crisis In Paddy Field

কৃষকে অভিযোগ দিলেই ধেমাজিৰ সংশ্লিষ্ট কৃষি বিষয়াই দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কৃষকগৰাকীয়ে ৷ বিশেষকৈ ধেমাজিৰ এগৰাকী জনৈক কৃষি উন্নয়ন বিষয়াই কৃষকে ফোন কৰিলেও ৰিচিভ নকৰে বুলি তেওঁ কয় । আনকি কাৰ্যালয়ত সাক্ষাৎ কৰিব লৈগ’লেও ধমকি দি অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ এতিয়া কৃষকৰ মুখে মুখে ৷ যাৰ ফলত মহেন্দ্ৰ বুঢ়াগোঁহাইৰ লগতে কেইবাগৰাকী কৃষকে বিপাঙত পৰিছে ৷

ৰবি শস্যৰ খেতি কৰিব বাবেও পুনৰ মাটি চহ কৰিবলৈ কৃষকে কষ্ট কৰিবলগীয়া হৈছে । ইতিমধ্যে ঘাঁহ সদৃশ হৈ পৰা ধান খেতিত হালবাই নষ্ট কৰি মাটি চহাবলৈ আৰম্ভ কৰিছে কৃষকসকলে ৷ বিশেষকৈ উন্নত ধান খেতিৰে সকাহ লাভ কৰাৰ বিপৰীতে দুগুণ লোকচানৰহে সন্মুখীন হ’বলগীয়া হৈছে ৷

ইপিনে কৃষক বুঢ়াগোঁহায়ে অভিযোগ কৰা মতে, ইয়াৰ আগতেও পঞ্চাশ বিঘা কৃষি ভূমিত চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা মাহ খেতি কৰি বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ সেয়ে তেওঁ দুয়োখন কাণত ধৰি শপত খাই কৈছে যে এতিয়াৰে পৰা কৃষি বিভাগে যোগান ধৰা যিকোনো শস্যৰ কঠীয়াৰ বীজ তেওঁ গ্ৰহণ নকৰে ৷ সেয়ে এইক্ষেত্ৰত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বীজ যোগান ধৰোতা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷

লগতে পঢ়ক :আমাৰ পৰিয়াল কেইটা নিঃশেষ হ'বলৈ নিদিব ! অসহায় খেতিয়কৰ আহ্বান কৃষিমন্ত্ৰীক

ABOUT THE AUTHOR

...view details