অসম

assam

ETV Bharat / state

এফালে বানত বিধ্বস্ত খেতি-পথাৰ আনফালে পানীৰ বাবে হাহাকাৰ কৃষকৰ - Lack of water

Lack of water: পানীৰ অভাৱত কৃষকে খেতি আৰম্ভই কৰিব পৰা নাই ডিমা হাছাও জিলাৰ এখন গাঁৱত । ডিমা হাছাও জলসিঞ্চন বিভাগে খেতি-পথাৰত পানী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা নলা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ কৃষকে ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:42 PM IST

Lack of adequate water
পানীৰ বাবে কৃষকৰ হাহাকাৰ (ETV Bharat Assam)

হাফলং,৫ জুলাই: চৌদিশে বানে সৃষ্টি কৰিছে বিভীষিকাময় পৰিৱেশ । জলমগ্ন পথাৰ, জলমগ্ন বাট-পথ তথা পানীৰ তলত বাসগৃহ । ইয়াৰ মাজতে দেখা গৈছে এখন শুকান পথাৰ । অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ এখন পথাৰত এতিয়া পানীৰ অভাৱ । পৰ্যাপ্ত পানীৰ অভাৱত কৃষকে আৰম্ভ কৰিব পৰা নাই খেতি ।

পানীৰ বাবে কৃষকৰ হাহাকাৰ (ETV Bharat Assam)

জিলাখনৰ ৯০ শতাংশ মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল । কিন্তু এতিয়া হাৰেংগাজাও এলেকাৰ বিভিন্ন গাঁৱৰ খেতিয়কসকলে খেতি পথাৰত পৰ্যাপ্ত পানীৰ অভাৱত খেতি কৰিব পৰা নাই । গাঁওখনৰ বৃহৎ কৃষিভূমিত খেতি কৰিব পৰা নাই গাঁৱৰ লোকসকলে । ইয়াৰ মূল কাৰণ পানীৰ সমস্যা । অভিযোগ অনুসৰি ডিমা হাছাও জিলাৰ জলসিঞ্চন বিভাগে খেতি পথাৰত পানী যোগান ধৰাৰ বাবে যি নলা নিৰ্মাণ কৰিছিল এই নলাসমূহ এতিয়া বন্ধ হৈ পৰিছে যাৰ বাবে খেতি পথাৰত পৰ্যাপ্ত পানী যোগান ধৰিব পৰা নাই ।

বিগত এক দশকৰ বেছি সময় পাৰ হৈ যোৱাৰ পিচতো ডিমা হাছাও জলসিঞ্চন বিভাগে খেতি-পথাৰত খেতিয়কসকলে পৰ্যাপ্ত পানী যোগান ধৰাৰ বাবে কোনো আঁচনি গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে মহাৰাজপুৰ গাঁৱৰ গাঁও প্ৰধানে । তেওঁ কয় যে এজন খেতিয়ক হিচাপে তেওঁ দীৰ্ঘদিনৰ পৰা খেতি কৰি আহিছিল । কিন্তু এতিয়া পৰ্যাপ্ত পানীৰ অভাৱত খেতি কৰিব পৰা নাই ।

তেওঁ জনোৱা অনুসৰি মহাৰাজপুৰ গাঁৱত জলসিঞ্চন বিভাগে খেতি পথাৰত পানী অহাৰ বাবে যি নলা নিৰ্মাণ কৰিছিল এই নলাসমূহ এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । যাৰ বাবে এতিয়া খেতিয়কসকলে খেতি আৰম্ভ কৰিব পৰা নাই । তেওঁ উল্লখ কৰে যে হাৰেংগাজাও এলেকাত জলসিঞ্চন বিভাগৰ ফালৰ পৰা খেতিয়কসকলৰ খেতি পথাৰত পানী যোগান ধৰাৰ বাবে নলা নিৰ্মাণ কৰাৰ আঁচনিৰ প্ৰয়োজন আছে ।

কিন্তু দীৰ্ঘ বছৰ ধৰি চৰকাৰ বা জলসিঞ্চন বিভাগে হাৰেংগাজাও এলেকাৰ বাবে এনে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাই । ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন কেন্দ্ৰ ল'ৱাৰ খাৰতঙৰ নিউযোৱাৰ গাঁৱত এন এল চি পি আৰৰ অধীনত ৩১৪.৭৬ লাখ টকাৰ জলসিঞ্চন বিভাগে এখন আঁচনি ৰূপায়ণ কৰে যদিও এই আঁচনিৰ কাম আজি পৰ্যন্ত শেষ হোৱা নাই ।

লগতে পঢ়ক:বান সাহাৰ্যৰ নামত কেন্দ্ৰৰ প্ৰতাৰণা : পাঁচ বছৰত ক্ষতিপূৰণ হিচাপে বিচৰা ১০৭৮৫ কোটি টকাৰ বিপৰীতে কিমান পালে অসমে ? - Assam flood 2024

বেকীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বিকল্প ৰাজ্যিক ঘাইপথলৈ - Beki river erosion in Kalgachia

ABOUT THE AUTHOR

...view details