হাফলং, 19 আগষ্ট :এইবাৰ আকৌ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত আন্দোলন আৰম্ভ কৰিছে ডিমাছা ষ্টুডেন্টছ ইউনিয়নে । ইতিমধ্যে ছাত্ৰ সংগঠনটোৱে ঘোষণা কৰিছে যে পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ 28 টা পৰিষদীয় সমষ্টিত তেওঁলোকে আন্দোলন তীব্ৰতৰ কৰি তুলিব আৰু ডিমা হাছাও জিলাৰ প্ৰতিখন গাঁৱৰ গাঁও প্ৰধানৰ স্বাক্ষৰ গ্ৰহণ কৰা হ’ব ।
দেওবাৰৰ পৰা ডিমাছা ষ্টুডেন্টছ ইউনিয়নে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ওয়াজাৱ সমষ্টিৰ প্ৰত্যন্ত খেপৰে বজাৰত 28 খন গাঁৱৰ গ্ৰাম প্ৰধান আৰু গাঁৱৰ বাসিন্দাসকলক লগত লৈ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই আন্দোলনৰ নাম দিয়ে পিপলচ মুভমেণ্ট ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ডিমাছা ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰমিত চেংয়ুঙে ।
লগতে পঢ়ক :স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - DSU Protest
তেওঁ কয়, ‘‘সুদীৰ্ঘ 30-35 বছৰৰ পৰা ডিমা হাছাও আৰু কাৰ্বি-আংলং জিলাৰ ৰাইজৰ পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ স্বপ্ন বাস্তবায়িত হোৱা নাই । বহু চৰকাৰ আহিল ৷ নিৰ্বাচন আহিলে নেতাসকলে পৃথক স্বায়ত্তশাসিত ৰাজ্যৰ দাবী পূৰণৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু আজিলৈকে ইয়াৰ সফল ৰূপায়ণ হোৱা নাই ৷’’