ডিব্ৰুগড়, 6 মাৰ্চ: বুধবাৰৰ দিনটো ডিব্ৰুগড়বাসীৰ বাবে হৈ ৰ’ল এক ঐতিহাসিক দিন । আজিৰ দিনটোতে ডিব্ৰুগড় পৌৰসভাক উন্নীত কৰা হ’ল পৌৰ নিগমলৈ ৷ ১৮৭৩ চনতে গঠন হোৱা ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগম হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে ৰাজ্যৰ নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে ।
ৰাজ্যৰ অতি পুৰণি অৰ্থাৎ 150 বছৰ অতিক্ৰম কৰা পৌৰসভাখনক পৌৰ নিগম হিচাপে ঘোষণা কৰাৰ পিচতে ডিব্ৰুগড়ত এক আৱতৰীয়া দীপাৱলীৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে ডিব্ৰুগড় পৌৰসভাৰ কাৰ্যালয়ত বুধবাৰে অনুষ্ঠিত এখন সভাৰ পিচতে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে এই ঘোষণা কৰে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে ।
আনহাতে ডিব্ৰুগড়ৰ পৌৰপতিৰ পৰা মেয়ৰলৈ উন্নীত হোৱাৰ পিচতে ডাঃ চৈকত পাত্ৰই নিজৰ মনৰ অনুভৱ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ডাঃ চৈকত পাত্ৰই কয় যে আগন্তুক দিনত ডিব্ৰুগড় চহৰখনৰ জনসাধাৰণৰ বাবে তেওঁ কাম কৰি যাব ৷ ইয়াৰোপৰি চহৰখন উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথাও তেওঁ উল্লেখ কৰে ।