অসম

assam

নেতাক আক্ৰমণ কৰাসকলক গ্ৰেপ্তাৰ কৰিবলৈ কৃষক মুক্তিয়ে বান্ধি দিলে সময়সীমা - Mob attack in Jonai

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 9:04 PM IST

KMSS Press Meet: মিচিং স্বায়ত্তশাসিত পৰিষদত চলি থকা ভয়ংকৰ দুৰ্নীতিৰ তথ্য় বিচৰা বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতিক হত্যাৰ অপচেষ্টাৰ অভিযোগ । কোনে কাৰ নিৰ্দেশত চলাইছিল এই আক্ৰমণ ? সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ফাদিল কৰিলে এই তথ্য় ।

KMSS Press Meet in Dhemaji
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল (ETV Bharat Assam)

ধেমাজি, ২৯ জুলাই: ধেমাজি জিলাৰ জোনাইত এখন আৰ টি আই আবেদনক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ছৈফ পাৱক হানি-খুঁচি হত্যাৰ অপচেষ্টা কৰাক লৈ জাঙুৰ খাই উঠিছে সংগঠনটোৰ নেতৃবৃন্দ । ভুক্তভোগীয়ে জোনাই আৰক্ষী থানাত এজহাৰ দাখিল কৰাৰ পিচতো আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাত আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ এই সন্দৰ্ভত সোমবাৰে ধেমাজি লায়ন্স ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই মন্ত্ৰী-বিধায়কৰ লগতে আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল (ETV Bharat Assam)

আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ :

সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই কয়," জোনাই সদৰৰ এখন হোটেলত ছৈফ পাৱক দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ কৰাৰ পিছত গাড়ীত ভৰাই লৈ বহু কিলোমিটাৰ আতঁৰলৈ নি প্ৰাণনাশৰ অপচেষ্টা চলায় ৷ ইয়াৰ পিচতেই গুৰুতৰভাৱে আহত হোৱা ছৈফ পাৱক জোনাইৰ পৰা উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ভুক্তভোগী ছৈফ পাৱৰ পত্নী আৰু তেওঁ জোনাই আৰক্ষী থানাত তৰা গোচৰৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । "

মিচিং স্বায়ত্তশাসিত পৰিষদত দুৰ্নীতি :

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে,কাৰ্যকৰী ৰাজুৰাজ বৰপাত্ৰগোহাঁইকে আদি কৰি ভালেসংখ্যক নেতাৰ উপস্থিতিত আয়োজিত এই সংবাদমেলতেই উক্ত ঘটনাৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী ব্যৱস্থা ল'বলৈ দাবী জনাই সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ মিচিং স্বায়ত্তশাসিত পৰিষদত চলি থকা ভয়ংকৰ দুৰ্নীতি বিধায়ক ডাঃ ৰণোজ পেগু আৰু বিধায়ক ভূৱন পেগুৰ ছত্ৰছায়াত চলি থকা বুলি উল্লেখ কৰি তেওঁ কয়," মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধীনত চলি থকা এনে দুনীৰ্তিৰ তথ্য বিচৰাটোৱে কাল হ’ল ছৈফ পাৱৰ ।" মিচিং জনগোষ্ঠীটোৰ জাতীয় সংগঠন টি এম পি কেক অভিযুক্ত কেইজন তেওঁলোকৰ সংগঠনটোৰ সদস্য হয় নে নহয় তাক স্পষ্ট কৰিবলৈ দাবী জনাই তেওঁ কয়,"জোনাই আৰক্ষী থানাত ১০০ জনৰ ভিতৰত ১৭ জন অভিযুক্তৰ নামসহ এজাহাৰ দাখিল কৰাৰ পিচতো দোষীক কৰায়ত্ত কৰা নাই আৰক্ষীয়ে ।"

তীব্ৰ প্ৰতিবাদৰ হুংকাৰ :

ইপিনে, জোনাই আৰক্ষীক কঠোৰ সমালোচনা কৰি ২৪ ঘন্টাৰ ভিতৰত এজাহাৰত উল্লেখিত ১৭ জন অভিযুক্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নল'লে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেই ৷ লগতে আৰ টি আইৰ তথ্য প্ৰদানৰ পৰা বিৰত থকা মিচিং স্বায়ত্তশাসিত পৰিষদকো তদন্তৰ আওতালৈ আনিবলৈ মুখ্যমন্ত্ৰী গৰাকীক তেওঁ দাবী জনায় ।

লগতে পঢ়ক:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতাক দলবদ্ধ আক্ৰমণ - Mob attack in Jonai

মুকলি আকাশৰ তললৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱ - Child Labour case in Jonai

ABOUT THE AUTHOR

...view details