অসম

assam

ETV Bharat / state

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ দিনটো ? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই ? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল...

DAILY HOROSCOPE FOR 27TH NOVEMBER 2024
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (ETV Bharat)

By ETV Bharat Lifestyle Team

Published : Nov 27, 2024, 12:40 AM IST

মেষ ৰাশি : চিন্তাধাৰাবোৰ সলনি কৰাৰ চেষ্টা কৰক ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ ফল লাভ ৷ কৰ্মত সফলতা ৷ কৰ্ম জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে ৷ ধৈয্যৰ ফল লাভ ৷

বৃষ ৰাশি :দিনটো বিশেষ শুভ নহয় । দুচিন্তাৰ ফলত অশান্তি বৃদ্ধি পাব পাৰে ৷ শাৰীৰিক সমস্যাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা ৷ অধিক ব্যয়ৰ সম্ভাৱনা । কঠোৰ পৰিশ্ৰম পিছতো সুফল লাভ নকৰিব । ধৈয্যৰ ফল লাভ ৷ কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰিব ৷

মিথুন ৰাশি :খং-ৰাগৰ বাবে আপোনাৰ কৰ্ম জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ আনক বিচাৰ কৰিব গৈ বিপদত পৰিব পাৰে ৷

কৰ্কট ৰাশি :নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়নত ব্যস্ত হৈ পৰিব ৷ কাৰ্যত ভাগৰুৱা অনুভৱ ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷

সিংহ ৰাশি : মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ আত্মসন্মান বঢ়াবলৈ আপোনাৰ বন্ধুৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : ভয়, নিৰাপত্তাহীন আৰু অনিশ্চয়তাত ভূগিব পাৰে ৷ বন্ধুত্ব লাভ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

তুলা ৰাশি : ধন সঞ্চয়ৰ ফলত ভৱিষ্যতে লাভৱান হ'ব ৷ সন্তানৰ সাফল্যই আনন্দ দিব ৷ কৰ্ম ক্ষেত্ৰত পদোন্নতি ৷ ধন লাভ ৷

বৃশ্চিক ৰাশি : সৰু-সুৰা দুৰ্ব্বলতাবোৰ আওঁকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ হোৱাৰ সম্ভাৱনা ৷ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ শুভ দিন ৷ কৰ্ম পৰিহাৰ কৰি বিশ্ৰাম কৰিব ৷

ধনু ৰাশি : সাৱধানতাৰে কৰ্ম সম্পাদন কৰিব ৷ পুৰণি অসম্পূৰ্ণ কাৰ্যক সম্পন্ন কৰিব ৷ পুৰণি বাদ-বিবাদক সমাধানৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ কৰিব ৷

মকৰ ৰাশি :কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গৰ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ কৰ্ম জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷

কুম্ভ ৰাশি :কঠিন কৰ্মক সহজে সমাধা কৰিব ৷ আপোনাৰ আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কৰ্ম জীৱনত বিৰূপ প্ৰভাৱ পৰিব পাৰে ৷ শুভ দিন ৷

মীন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে সুখদায়ক আৰু প্ৰতিশ্ৰুতিপূৰ্ণ হ'ব । ঊৰ্ধ্বতনসকলৰপৰা প্ৰশংসা লাভ কৰিব । আপুনি ব্যৱসায়ীয়ে হওঁক বা চাকৰিয়ালেই হওঁক, ইতিবাচক ফল লাভ কৰিব । পিতৃ আৰু বয়োজ্যেষ্ঠসকলৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব । ঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব ।

ABOUT THE AUTHOR

...view details