গুৱাহাটী:ৰাজ্যজুৰি অব্যাহত আছে বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বৰ্তমানলৈ তিনিটা পৰ্যায়ত ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলিল । এই কথা দেওবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল যোগে সদৰী কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এম পি গুপ্তাই । সংবাদমেলত তেওঁ কয়, "মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে বাল্যবিবাহৰ বিৰুদ্ধে শনিবাৰে অভিযান চলাই ৩৪৫ টা গোচৰ ৰুজু কৰাৰ লগতে কাজী, পৰিয়ালৰ ব্যক্তি, স্বামীসহ মুঠ ৪৩১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় ।"
অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয়, বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰথমবাৰ ২০২৩ ত অভিযান চলোৱা হৈছিল । প্ৰথম অভিযানত ৪,৩৮৭ টা গোচৰ ৰুজু হোৱাৰ লগতে ৩৪২৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । ২০২৩ চনৰ অক্টোবৰ মাহত চলোৱা দ্বিতীয় অভিযানত ৬৮২ টা গোচৰ ৰুজু কৰাৰ লগতে ৯১৩ গৰাকী লোক গ্ৰেপ্তাৰ কৰা হয় । তৃতীয় পৰ্যায়ৰ বাল্যবিবাহ বিৰোধী অভিযানত বৰ্তমানলৈ ৩৪৫ টা গোচৰ ৰুজু হৈছে আৰু ৪৩১ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।"
গুপ্তাই আৰু কয়, এই বাল্যবিবাহ বিৰোধী অভিযানত স্বামী, পৰিয়ালৰ সদস্য(যিসকলে সহযোগ কৰিছে)ৰ লগতে কেইবাগৰাকীও কাজিক গ্ৰেপ্তাৰ কৰা হৈছে । তিনিটা পৰ্যায়ত বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত সৰ্বমুঠ ৫৮৪২ টা গোচৰ ৰুজু হোৱাৰ লগতে ৫৩৪৮ গৰাকী লোক গ্ৰেপ্তাৰ হৈছে । ইতিমধ্যে ৯৫.০২ % গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে ।"
সংবাদমেলত তেওঁ লগতে কয়, "বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱাৰ ফলত অসমত এতিয়া মাতৃত্বকালীন মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট কমিছে ।"