অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:02 PM IST

ETV Bharat / state

বিৰোধী ঐক্য মঞ্চই কেতিয়া প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা

Lok Sabha election-2024: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে দলীয় কুচকাৱাজ । ইতিমধ্যে শাসকীয় দল বিজেপিয়ে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা । ইয়াৰ মাজতে বিৰোধী ঐক্য মঞ্চৰ অন্যতম দল চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য় ।

CPIM reaction to the publisher of the list of candidates
বিৰোধী ঐক্য মঞ্চই কেতিয়া প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা

গুৱাহাটী,৫ মাৰ্চ:সমাগত লোকসভা নিৰ্বাচন । তাৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে ইতিমধ্যে তেওঁলোকৰ‌ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । কিন্তু অসমত বিৰোধী ঐক্য মঞ্চত থকা প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে এতিয়াও প্ৰাৰ্থী তালিকা ঘোষণা কৰা নাই । যাৰ বাবে বিৰোধী ঐক্য মঞ্চত থকা অন্য ৰাজনৈতিক দল চি পি আই এম, অজাপ আৰু অসম তৃণমূল কংগ্ৰেছে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই ।

মন কৰিবলগীয়া যে আপে ইতিমধ্যে গুৱাহাটী,‌ শোণিতপুৰ আৰু ডিব্ৰুগড়ত প্ৰাৰ্থী তালিকা ঘোষণা কৰি আকোৰগোঁজ স্থিতি গ্ৰহণ কৰি আছে । যাৰ বাবে আসন বুজাবুজিক লৈ বিৰোধী ঐক্য মঞ্চৰ মাজত ঐক্যমতত আহিব পৰা নাই । ইপিনে এই সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে বি জে পিয়ে প্ৰাৰ্থী ঘোষণা কৰিছে । কিন্তু বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী ঘোষণা কৰা নাই । নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা নাই । গতিকে বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থী ঘোষণা নকৰা মানে পলম হোৱা বুলি ক'ব নোৱাৰি ।

লগতে তেওঁ কয় যে, প্ৰাৰ্থী ঘোষণা নকৰা মানে বিৰোধী দলসমূহ মনে‌ মনে‌ বহি থকাতো নুবুজায় । ইতিমধ্যে বিৰোধী দলসমূহে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰত নামিছে । চি পি আই এম দলে বৰপেটা সমষ্টিৰপৰা প্ৰাৰ্থী বিচাৰিছে । এইক্ষেত্ৰত কোনো অমতৰ সৃষ্টি হোৱা নাই । গতিকে সৰ্বভাৰতীয় পৰ্যায়ত আলোচনা মতে দলৰ প্ৰাৰ্থী ঘোষণা কৰা‌ হ'ব ।

ইয়াৰোপৰি তেওঁ কয় যে, বিৰোধী ঐক্য মঞ্চত সৰ্বভাৰতীয় দল‌ আছে । গতিকে সৰ্বভাৰতীয় পৰ্যায়ত কিছু জটিলতা থকাৰ বাবে দল বিলাকৰ মাজত আলোচনা চলি আছে ।‌ অসমতো বিৰোধী ঐক্য মঞ্চৰ‌ প্ৰাৰ্থী সৰ্বভাৰতীয় পৰ্যায়ত চূড়ান্ত হ'ব বুলি তেওঁ উল্লেখ কৰে । ইপিনে আপৰ এক সূত্ৰই জনায় যে কংগ্ৰেছ দলে আপক গুৱাহাটী আসনখন এৰি দিয়াৰ কথা চলি‌ আছিল যদিও এতিয়াও কংগ্ৰেছৰ নেত্ৰী‌ মীৰা‌ বৰঠাকুৰে গুৱাহাটীৰ প্ৰাৰ্থী হোৱাৰ‌ বাবে আকোৰগোঁজ হৈ আছে ।‌

গতিকে গোটেই বিষয়টো সৰ্বভাৰতীয় নেতৃত্বৰ আলোচনাৰ পাচতহে চুড়ান্ত হ'ব । ইপিনে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মিত্রদল অসম গণ পৰিষদক বৰপেটা আৰু ধুবুৰী সমষ্টি এৰি দিছে যদিও আঞ্চলিক দলটোৱে সমষ্টি দুটাৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিব পৰা নাই । বৰপেটা সমষ্টিৰ সম্ভাব্য প্ৰাৰ্থীৰূপে প্রথম পচন্দৰ ব্যক্তি হিচাপে দলটোৰ জ্যেষ্ঠ নেতা তথা বঙাইগাঁৱৰ আঠবাৰৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ নাম বিবেচনালৈ আহিছিল ।

কিন্তু চৌধুৰীয়ে বিষয়টোত অনিচ্ছা প্ৰকাশ কৰাৰ পাচত অগপ নেতৃত্ব বিমোৰত পৰিছে । কিন্তু ফণীভূষণ চৌধুৰী প্ৰাৰ্থী নহ'লে বৰপেটাত অগপৰ প্ৰাৰ্থী কোন হ’ব তাক লৈও চৰ্চা চলিছে । জানিব পৰা মতে, দলটোৰ উপ-সভাপতি তথা পাঠশালাৰ বিশিষ্ট উদ্যোগী ৰণজিৎ কুমাৰ ডেকা, প্রাক্তন সাংসদ কুমাৰ দীপক দাস, উপ-সভাপতি ডাঃ তাৰাপ্ৰসাদ দাসৰ লগতে প্রাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ নামো বৰপেটাৰ প্রার্থিত্বৰ দাবীদাৰ হিচাপে চৰ্চিত হৈছে ।

অসম বিধানসভাৰ প্ৰধান সচিব পদৰ পৰা অলপতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা হেমেন দাসেও বৰপেটাৰ প্ৰাৰ্থী হোৱাৰ মানসেৰে অগপ নেতৃত্বৰে যোগাযোগ ৰাখিছে । ইপিনে এ আই ইউ ডি এফে ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ আসনত প্রতিদ্বন্দ্বিতা কৰিব‌ বুলি মঙলবাৰে দলটোৰ গুৱাহাটীত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয় । ধুবুৰী সমষ্টিত দলটোৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে, নগাঁও সমষ্টিত বিধায়ক আমিনুল ইছলামে প্রতিদ্বন্দ্বিতা কৰিব ।

আনহাতে, কৰিমগঞ্জ সমষ্টিৰ প্ৰাৰ্থী এতিয়াও চূড়ান্ত হোৱা নাই । ইয়াৰ‌ পৰা‌ দেখা যায় যে‌ বৰপেটা লোকসভা সমষ্টিত মূল যুঁজ অগপ আৰু চিপিআইএমৰ মাজত হ'ব ।‌‌ মন কৰিবলগীয়া যে বৰপেটা লোকসভা সমষ্টিত ৩৩ শতাংশ সংখ্যালঘুৰ‌ ভোট‌ আছে । গতিকে এই নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হোৱৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:কোন হ'ব বৰপেটা লোকসভা সমষ্টিত অগপৰ প্ৰাৰ্থী ?

ABOUT THE AUTHOR

...view details