অসম

assam

ETV Bharat / state

ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? - maa afiya facebook page - MAA AFIYA FACEBOOK PAGE

BISHNU RABHA SANGEET CONTROVERSY : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃতকৰণ । এটা ফেচবুক পেজৰ বিৰুদ্ধে গৰজি উঠিল নগাঁৱৰ শিল্পী সমাজ । মা আফিয়া পেজৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ সোণাইপৰীয়া শিল্পী মঞ্চৰ ৷

controversy erupts after a facebook page distorts a song of bishnu prasad rabha
মা আফিয়া (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:45 AM IST

ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? (ETV BHARAT ASSAM)

নগাঁও, 11 মে’ :ভাইৰেল হৈ পৰিলেই হাতলৈ আহিব টকা, কিবা এটা কণ্টেট বনাই দিও আৰু ! সৰহভাগৰে মনত এইটোৱেই চিন্তা আজিকালি ৷ সামাজিক মাধ্যমৰ জৰিয়তেও আহে ধন, এইটো জানিব পাৰিয়ে ছ’চিয়েল মিডিয়াত কি কি নিদিয়ে মানুহে আজিকালি ৷ ভিউজহে লাগে মাথোঁ ৷ ভিউজ, বেবেৰিবাং কণ্টেট এইখিনিতে যেন মানুহৰ চিন্তা কৰাৰ ক্ষমতাশক্তি লোপ পাই যায় তেনে অনুমান হয় ৷

সামাজিক মাধ্যমত ভাইৰেল হ'বলৈ যেন সকলো কৰিব পাৰে একাংশই । কোনোবাই যদি অশ্লীল নৃত্য কৰি ভাইৰেল হ'ব বিচাৰিছে আন একাংশই বিভিন্ন কথা বতৰাৰে সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে । মুঠৰ ওপৰত প্ৰচাৰ লাগে । কিছুমানেতো সীমা চেৰাই গৈ জাতিৰ মান-গৌৰৱ পুৰুধা ব্যক্তিসকলকো টানি আনে নিজৰ প্লেটফৰ্মলৈ ৷

তেওঁলোকৰ সৃষ্টিৰাজি কেনেকৈ কাৰোবাৰ বাবে কণ্টেট হ’ব পাৰে ? আমি সজাগ হোৱাৰ সময় আহি পৰিল ৷ এনেকৈ হ’বলৈ হ’লে বেলেগে জাতিটোৰ ওপৰত হঁহাৰ লগতে কিন্তু জাতিৰ অস্তিত্বও বেয়াকৈ সংকটত পৰিব ৷ ছ’চিয়েল মিডিয়াত হা হা ৰিয়েক্ট দিবলৈ প্ৰকৃতাৰ্থত হাঁহি উঠা বহুত কণ্টেট আছে ৷ কিন্তু তাৰ পৰিৱৰ্তে সস্তীয়া কিছুমান ভিডিঅ’ত লাইক কমেণ্ট দি আমিনো কি উপকাৰ কৰিছো সমাজৰ ? বা সেই মানুহখিনিয়েইনো কি কৰিছে সমাজখন আগবাঢ়ি যোৱাৰ বাবে ?

অ’ এইটোও সঁচা যে কেৱল এটা প্ৰণালীবদ্ধ জীৱন যাপনেই সকলো নহয় ৷ আমাক মনোৰঞ্জনো লাগে ৷ ব্যক্তিগতভাৱে সকলোৰে নিজৰ জীৱন উদযাপন কৰাৰ অধিকাৰ আছে ৷ তাত আমাৰ মাত মতাৰ কোনো অধিকাৰ নাই ৷ কিন্তু সীমা চেৰাই গ’লেতো সঠিক পথ আমিয়েই দেখুৱাৱ লাগিব ৷

শেহতীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰিলে এগৰাকীয়ে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি ভাইৰেল হোৱা এগৰাকী মহিলাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নগাঁৱৰ শিল্পী সমাজ । মা আফিয়া নামৰ এটা ফেচবুক পেজত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত ভাইৰেল কৰি বিতৰ্কৰ সূচনা কৰিছে এগৰাকী মহিলাই ।

ছ’চিয়েল মিডিয়া মানেই কেৱল ভাইৰেল হোৱাৰ মানসিকতা কিয় ? (ETV BHARAT ASSAM)

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীত বিকৃতকৰণক লৈ ক্ষোভত ফাটি পৰিছে নগাঁৱৰ শিল্পী সমাজ । বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰি প্ৰচাৰ কৰা মা আফিয়া নামৰ ফেচবুক পেজটিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে নগাঁৱৰ শিল্পী সমাজে । নগাঁৱৰ সোণাইপৰীয়া শিল্পী মঞ্চই জাজৰি আৰক্ষী থানাত মা আফিয়া নামৰ ফেইচবুক পেইজৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ।

গৰজি উঠিল সোণাইপৰীয়া শিল্পী মঞ্চ (ETV BHARAT ASSAM)

বিষ্ণুপ্ৰসাদ ৰাভাৰ 'বিলতে হালিছে ধুনীয়া পদুমী' শীৰ্ষক যুগজয়ী গীতটিৰ সুৰ আৰু কথা বিকৃত কৰি ফেচবুক পেজত আপলোড কৰিছিল হোজাই জিলাৰ মহিলাগৰাকীয়ে । যাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সাংস্কৃতিক মহল । মহিলাগৰাকীক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নীও প্ৰদান কৰে সোণাইপৰীয়া শিল্পী সমাজে ৷

ভিডিঅ’টো যদি আপুনি চাই দেখিব যে তবলা আৰু গীটাৰ বজোৱা ল’ৰা দুজনে কিন্তু গাই থাকোতে সুন্দৰকৈ বজাই গৈছে ৷ কালজয়ী গান বিকৃত কৰাৰ চিন্তা মনলৈ অহাতকৈ যদি ল’ৰা দুজনক এই ক্ষেত্ৰত শিক্ষা দিয়াৰ কথা মনলৈ আহিলহেতেন ! সমাজ সুন্দৰ হোৱাৰ বাট আচলতে সেইখিনিতে প্ৰশস্ত হয় ৷

লগতে পঢ়ক :বিহু ফাংশ্যনত গাঁত খান্দি বোকাত নচাক লৈ চিন্তিত অভিনেতা অৰুণ হাজৰিকা - Actor Arun Hazarika Bihu Dance

ABOUT THE AUTHOR

...view details