গুৱাহাটী:হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বক লৈ সন্দিহান হৈ পৰিছে লোকসভাৰ কংগ্ৰেছৰ উপদলপতি গৌৰৱ গগৈ । ২০২৬ চনলৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থাকে নে নাই তাকলৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে । সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷
গৌৰৱ গগৈয়ে কয়, ‘‘দিল্লীত শুনিছো হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ গাদীখন সুৰক্ষিত নহয় । ২০২৬ চনলৈ বিধানসভা নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব নে তাকে লৈ শৰ্মা সন্দিহান হৈ আছে ।’’
তেওঁ লগতে কয়, ‘‘মুখ্যমন্ত্ৰী শৰ্মা এতিয়া গাদী ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হৈ আছে । চৰকাৰৰ ভঁৰালত ধন নাই । যাৰ বাবে নাম সলনিত লাগি গৈছে মুখ্যমন্ত্ৰী । কাৰণ নাম সলনিত টকা নালাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া বহুত চিন্তাত আছে । যাৰ বাবে এতিয়া প্ৰতিবাদ আৰু সমদল কি তাকেলৈ দোধোৰ-মোধোৰত পৰিছে ।’’
মিত্ৰতাক লৈ নীৰৱ গৌৰৱ গগৈ:
সংবাদমেলত সাংবাদিকে মিত্ৰতাক লৈ সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে বিষয়টো প্ৰায় এৰি চলি কয়, ‘‘মিত্ৰতাকলৈ আমাৰ কোনো বিসম্বাদ নাই । বেলেগ ৰাজ্যত বিধানসভাত আমাৰ দলৰ লগত মিত্ৰতা হৈছে । লোকসভাতো আমি অসমত মিত্ৰতা কৰিছো । আমাৰ দলৰ অন্তৰ বহল ।’’
প্ৰতিখন জিলাত কংগ্ৰেছৰ বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা :
ইপিনে সংবাদমেলত গৌৰৱ গগৈয়ে আম্বেদকাৰক কৰা অসন্মানৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰে । সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে বি আৰ আম্বেদকাৰক অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি ৰাজীৱ ভৱনত সাংসদ গৌৰৱ গগৈৰ সংবাদমেল সম্বোধন কৰি কয়, ‘‘অমিত শ্বাহৰ পদত্যাগৰ দাবীৰে কাইলৈ প্ৰতিখন জিলাত উলিয়াব বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা । সন্মুখত ড৹ আম্বেদকাৰৰ প্ৰতিচ্ছবি লৈ এই যাত্ৰা উলিয়াব কংগ্ৰেছে ।’’