মাণিকপুৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বাবেই কংগ্ৰেছত যোগদান কৰিছে হাজাৰ হাজাৰ লোকে । বঙাইগাঁৱৰ বালাৰচৰত কংগ্ৰেছৰ কৰ্মী আৰু যোগদান সভাত মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ এইদৰে মন্তব্য় কৰিলে সাংসদ ৰকিবুল হুছেইনে । কি কৰণে আজি মানুহে বিজেপি ত্য়াগ কৰি কংগ্ৰছৰ প্ৰতি আকৰ্ষিত হৈছে সেই বিষয়েও ব্য়াখ্য়া কৰিলে সাংসদগৰাকীয়ে ।
বিজেপি বিৰোধী পৰিৱেশে বিৰাজ কৰিছে :
বিজেপি, অগপ আৰু এআই ইউৰ দুই শতাধিক কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰা সভাখনত ৰকিবুল হুছেইনে কয় মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ কয়, "হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ বাবে হাজাৰ হাজাৰ লোক কংগ্ৰেছত যোগদান কৰিছে । যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানেই হিমন্ত বিশ্ব শৰ্মাৰ অত্য়াচাৰ সহিব নোৱাৰি সকলো জাতি-জনগোষ্ঠীৰ মানুহে কংগ্ৰেছ দলত যোগদান কৰিছে আৰু ৰাজ্যত বিজেপি বিৰোধী পৰিৱেশে বিৰাজ কৰিছে ।"
মুখ্য়মন্ত্ৰীক ১০ কিলোমিটাৰ ব্য়াসাৰ্ধলৈও আহিবলৈ নিদিয়ে :
আনহাতে, মিঞা প্ৰসংগত মুখ্য়মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰি কয়, "আজীৱন শত্ৰু বুলি জ্ঞান কৰা মিঞাৰ ওচৰ চাপিবলৈ বাধ্য় হৈছে মুখ্যমন্ত্ৰী । মিঞাৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া মিঞাৰ ঘৰে ঘৰে ঘূৰিছে । ইয়াকে কয় ঠেলাৰ নাম বাবাজী । অসমৰ মানুহে যি ঠেলা দিছে এই ঠেলাত তেওঁ মিঞাৰ ওচৰলৈ গৈ সাষ্টাংগ প্ৰণাম দি এতিয়া মিঞাৰেই ভোট খুজিব লগা হৈছে । গতিকে এইটো হ'ল বিনাশ কালে বিপৰীত বুদ্ধি । তেওঁ এতিয়া ইকুল-সিকুল হেৰুৱাই ব্য়াকুল হৈ পৰিছে । ৰাইজে তেওঁক ১০ কিলোমিটাৰ ব্য়াসাৰ্ধলৈও আহিব নিদিব । তেওঁৰ দৰে অত্য়াচাৰী শাসকক নিৰ্বাচনৰ সময়ত ৰাইজে ওচৰ চাপিবলৈ নিদিব । কাৰণ তেওঁ বহুত মানুহক জ্বলাইছে । বিভিন্ন মানুহক ভয়-ভীতি খুৱাইছে ।"