অসম

assam

ETV Bharat / state

দেশী-বিদেশী পৰ্যটক, ৰাষ্ট্ৰদূতৰ উপস্থিতিত সামৰণি পৰিল ঐতিহাসিক চৰাইদেউ মহোৎসৱ - CHARAIDEO FESTIVAL

নাগালেণ্ড, অৰুণাচলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ সম্ভাৰেৰে সামৰণি দিনটোত উলিওৱা হ'ল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

CHARAIDEO FESTIVAL
ঐতিহাসিক চৰাইদেউ মহোৎসৱ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 11, 2025, 11:06 PM IST

চৰাইদেউ: বিশ্বৰ বুকুত জিলিকি উঠা চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ল চৰাইদেউ মহোৎসৱ । আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজ শাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে । বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীৰ কাষতে ৯ জানুৱাৰী পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আয়োজন কৰা হয় ।

চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত চৰাইদেউ মৈদাম ক্ষেত্ৰত ধৰ্মীয় পৰম্পৰাগত নীতিৰে অনুষ্ঠিত হোৱা বান-ফি পূজা অনুষ্ঠিত হয় । এই চৰাইদেউ মহোৎসৱৰ তিনিটা দিনতেই মৈদাম ক্ষেত্ৰৰ ইতিবৃত্ত আৰু ইয়াৰ ভৱিষ্যত পৰিকল্পনাক লৈ আলোচনা কৰা হয় । প্ৰতিটো দিনতে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰিলে চৰাইদেউ মহোৎসৱত । চৰাইদেউ মহোৎসৱৰ অনুষ্ঠান উপভোগ কৰা লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰি সময় অতিবাহিত কৰিলে পৰ্যটকসকলে ।

সামৰণি পৰিল ঐতিহাসিক চৰাইদেউ মহোৎসৱ (Etv Bharat Assam)

মহোৎসৱস্থলীত ৰাইজৰ বাবে অনুষ্ঠিত কৰা হৈছিল গ্ৰন্থ, বস্ত্ৰ, কৃষি আৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যমেলা । ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত অনুষ্ঠিত চৰাইদেউ মহোৎসৱ শনিবাৰৰ সামৰণি দিনটোত নাগালেণ্ড, অৰুণাচলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সম্ভাৰেৰে উলিওৱা হ'ল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা । সমন্বয় শোভাযাত্ৰা শুভাৰম্ভ কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ।

সমন্বয় শোভাযাত্ৰা শুভাৰম্ভ কৰি অভিনেতা অৰুণ হাজৰিকাই কয়, "বুৰঞ্জী ভাল পোৱা মানুহ মই, আজি বুৰঞ্জীপ্ৰসিদ্ধ স্থানলৈ আহি ভাল লাগিছে । এই চৰাইদেউ মহোৎসৱলৈ দেশ-বিদেশৰ সাংস্কৃতিক দলৰ লগতে পৰ্যটকসকল আহিছে দেখি ভাল লাগিছে । চৰাইদেউ মহোৎসৱত উলিওৱা সমন্বয় শোভাযাত্ৰাই নতুন সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিছে ।"

চৰাইদেউত জিলিকিল বিশ্বৰ ভিন্ন দেশৰ পতাকা:

বিশ্বৰ বুকুত জিলিকি উঠা চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱত দেখা গ'ল পৰ্যটকৰ অভূতপূৰ্ব সহযোগিতা । চৰাইদেউত জিলিকিল বিশ্বৰ ভিন্ন দেশৰ পতাকা । চৰাইদেউ মৈদাম ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰিলে বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিয়ে । সামৰণি দিনটোত অংশগ্ৰহণ কৰে ঘানা, মালৱী আৰু ম্যানমাৰৰ প্ৰতিনিধিয়ে । মহোৎসৱস্থলীত উত্তোলন কৰে নিজ নিজ দেশৰ পতাকা । চৰাইদেউত উপস্থিত হৈ আনন্দিত বিদেশী ৰাষ্ট্ৰদূতসকল । বিদেশী ৰাষ্ট্ৰদূতৰ অংশগ্ৰহণৰ ফলত চৰাইদেউৰ পৰ্যটনে বিশেষ মাত্ৰা লাভ কৰিব বুলি আশা প্রকাশ কৰা হৈছে ।

চৰাইদেউ মহোৎসৱত দিয়া হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা:

চৰাইদেউ মহোৎসৱৰ লগত সংগতি ৰাখি লোক কৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিয়ে প্ৰদান কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা । বিশিষ্ট সংগীত পৰিচালক যতীন শৰ্মালৈ অসম কলা ৰত্ন বঁটা, লোক কৃষ্টি সাধক অনিল শইকীয়ালৈ জীৱনজোৰা শিল্প সাধনা বঁটা, বিশিষ্ট চলচিত্ৰ পৰিচালক দিনেশ গগৈলৈ লোককৃষ্টি প্ৰজ্ঞা বঁটা, লোককৃষ্টিৰ সাধক সুৰেখা বসুমতাৰীলৈ ৰুদ্ৰ সিংহ সমন্বয় বঁটা, বিশিষ্ট অনাতাঁৰ শিল্পী চৈয়দ ছাদ্দুলালৈ কণ্ঠ শিৰোমণি বঁটা আৰু লোককৃষ্টিৰ সাধক অশোক বৰদলৈ লৈ সংগীত শিৰোমণি বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক:

ABOUT THE AUTHOR

...view details