গুৱাহাটী, 16 জুন : ঠিকনা সলনি হ'ব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ৷ অৱশ্যে এতিয়াও এবছৰ সময় আছে ৷ 2025 চনৰ আগষ্ট মাহৰ ভিতৰত স্থায়ী ঠিকনা লাভ কৰিব গুৱাহাটী আৰক্ষী আয়ুক্তালয়ে ৷ খানাপাৰাত নিৰ্মাণকাৰ্য চলি থকা গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ ভৱনৰ স্থান দেওবাৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷
পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় ৷ এই ভৱনৰ কাম পলম নকৰাকৈ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
নিৰ্মাণকাৰ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, আগতে গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছিল ৷ নদীৰ পাৰত পাৰ্ক নিৰ্মাণ কৰাত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়টো নামনি অসমৰ আয়ুক্তৰ বিল্ডিঙত অস্থায়ীভাৱে দিয়া হৈছে ৷