গুৱাহাটী, ১৬ জুন: আই আই টি খড়গপুৰৰ ছাত্রাবাসত নির্মমভাৱে হত্যাৰ বলি হোৱা তিনিচুকীয়াৰ ফাইজান আহমেদৰ গোচৰৰ তদন্ত উচ্চ ন্যায়ালয়ে চিবিআইলৈ হস্তান্তৰ কৰাৰ বাবে চেষ্টা কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
দেওবাৰে গুৱাহাটী মহানগৰীত সংবাদ মাধ্যমৰ আগত ফাইজান আহমেদৰ হত্যাকাণ্ড প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই ঘটনা সন্দৰ্ভত আগতেও য'ত যেনেকৈ পাৰো সহায় কৰি আছিলো । বৰ্তমান কলকতা উচ্চ ন্যায়ালয়ত গোচৰটো চলি আছে । উচ্চ ন্যায়ালয়ে চিবিআইলৈ গোচৰটো যাতে হস্তান্তৰ কৰে তাৰ বাবে চেষ্টা কৰা হ'ব" ৷
উল্লেখ্য যে, ছাত্ৰজনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে বিষ্ফোৰক তথ্য । ২০২২ চনৰ ১৪ অক্টোবৰত আই আই টি খড়গপুৰৰ লালা লাজপত ৰায় ছাত্রাবাসৰ এটা কোঠাত তিনিচুকীয়াৰ ছাত্র ফাইজানৰ মৃতদেহ উদ্ধাৰ হৈছিল । মৃতদেহ উদ্ধাৰৰ তিনিদিন আগৰে পৰা নিখোঁজ হৈ আছিল ছাত্রজন ।
ফাইজান তিনিদিন ধৰি নিখোজ হৈ থকা খবৰ আই আই টি কর্তৃপক্ষই তেওঁৰ অভিভাৱকক অৱগত কৰা নাছিল । তেওঁৰ পিতৃ-মাতৃয়ে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ ফটো বিচাৰিছিল । কিন্তু সেই সময়ত তদন্তকাৰী আৰক্ষীয়ে জনাইছিল যে ফটোসমূহ নষ্ট হৈছে ।
আই আই টি কর্তৃপক্ষ আৰু স্থানীয় আৰক্ষীয়ে ছাত্ৰজনৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দিছিল যদিও এই কথা তেওঁৰ অভিভাৱকে সহজে মানি লোৱা নাছিল । মুঠৰ ওপৰত আৰম্ভণিৰে পৰাই ফাইজানৰ মৃত্যুক লৈ তেওঁৰ অভিভাৱকে প্রকাশ কৰা সন্দেহ এতিয়া সত্য বুলি প্রমাণ হ'ব ধৰিছে । কাৰণ কলকাতা উচ্চ ন্যায়ালয়ে ২০২৩ চনৰ মে'ত তিনিচুকীয়াত কৱৰস্থ কৰা ফাইজানৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নির্দেশ দিছিল ।