ডিব্ৰুগড়: বিশ্বৰ বুকুত জিলিকি উঠা চৰাইদেউ মৈদামস্থলীৰ কাষতে বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ । আজি পুৱা স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু পতাকা উত্তোলেনেৰে মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।
চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগত জড়িত বিষয়ববীয়াসকলে । অনুষ্ঠানত উপস্থিত সকলোৱে ধৰ্মীয় পৰম্পৰাগত নীতিৰে অনুষ্ঠিত হোৱা বান-ফি পূজাতো অংশগ্ৰহণ কৰে । এই চৰাইদেউ মহোৎসৱৰ তিনিটা দিনতে মৈদাম ক্ষেত্ৰৰ ইতিবৃত্ত আৰু ইয়াৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ আলোচনা কৰা হ'ব । মহোৎসৱস্থলীত ৰাইজৰ বাবে আজি মুকলি কৰা হৈছে গ্ৰন্থ, বস্ত্ৰ, কৃষি আৰু জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য-মেলা ।
আহোম ৰাজশাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজশাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে । বিগত বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ।
ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে মৈদাম ক্ষেত্ৰলৈ । বিশ্ব ঐতিহ্য ক্ষেত্ৰখনক অতি জনপ্ৰিয় কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগে । বিগত বৰ্ষৰ শেষৰফালে চৰাইদেউ মৈদামত ৰাজ্য চৰকাৰে বিশ্ব ঐতিহ্য সপ্তাহ অনুষ্ঠিত কৰা পাছতে আজিৰে পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ ।
কি কি কাৰ্যসূচী অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱত:
আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ । আজি চৰাইদেউ মহোৎসৱত গ্ৰন্থ, বস্ত্ৰ, কৃষি আৰু জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা মুকলি কৰা পাছতে সন্ধিয়া অনুষ্ঠিত হয় স্থানীয় শিল্পীৰ দ্বাৰা পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠান । লগতে লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিৰ দ্বাৰা নিবেদন কৰা হয় বুৰঞ্জীমূলক নাটক 'মহাবীৰ লাচিত বৰফুকন' । দ্বিতীয় দিনা অনুষ্ঠিত হ'ব থলুৱা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা, ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা লগতে সাংস্কৃতিক অনুষ্ঠান ।