অসম

assam

ETV Bharat / state

নামৰূপত আবতৰীয়া দেৱালী: মোদী-হিমন্ত-তৰংগৰ প্ৰশংসাত পঞ্চমুখ নামৰূপবাসী - CELEBRATION AT BVFCL CAMPUS

মৃত্যুৰ ক্ষণ গণি থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ চৰকাৰৰ সিদ্ধান্তত নামৰূপত বিজয় উৎসৱ ।

celebration at BVFCL campus
নামৰূপত আবতৰীয়া দেৱালী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

ডিব্ৰুগড় :দেশত নতুন নতুন উদ্যোগ স্থাপন হোৱাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ ক্ৰমাৎ মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছিল । সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাই ভগ্নপ্ৰায় উৎপাদন গোটৰ জৰিয়তে খেতিয়কৰ চাহিদা পূৰণৰ বাবে সাৰ উৎপাদন কৰি অহিবলগা হৈছে । সেয়ে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো জীয়াই ৰখাৰ স্বাৰ্থত দল-সংগঠন, সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে বহু বছৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে প্ৰতিখন চৰকাৰৰ কেন্দ্ৰীয় সাৰ মন্ত্ৰীক অসমৰ দল সংগঠনৰ লগতে সাৰ কাৰখানাৰ শ্ৰমিকসকলে দাবী জনাই আহিছিল যদিও বাস্তৱ হৈ উঠা নাছিল । কিন্তু যোৱা বৃহস্পতিবাৰে অসম চৰকাৰে অনুষ্ঠিত কৰা কেবিনেটত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোটৰ নিৰ্মাণৰ ৪০% অংশীদাৰিত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে ।

নামৰূপত আবতৰীয়া দেৱালী (ETV Bharat Assam)

মৃত্যুৰ ক্ষণ গণি থকা উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটো পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণৰ পাছতে শুকুৰবাৰে সন্ধিয়া নামৰূপত বিজয় উৎসৱ পালন কৰে ৰাইজে । নামৰূপ সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰ আৰু সোণাৰি তিনিআলিত বিজেপি কৰ্মীসকলে আতচবাজীৰে বিজয় উল্লাস কৰে ৷

ইয়াৰ পাছতে নামৰূপ পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিকে প্ৰমুখ্য কৰি কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাৰ নেতৃত্বত সোণাৰি তিনিআলিত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক মৃতপ্ৰায় সাৰকাৰখানাটো পুনৰ উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ৪০% অসম চৰকাৰৰ আৰু ৬০% অংশীদাৰিত্ব ভাৰত চৰকাৰৰ

ৰাইজৰ প্ৰতিবাদ আৰু দাবীত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসম চৰকাৰে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ বাবে ৪০% অংশীদাৰিত্ব গ্ৰহণ কৰিব । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে ভাৰত চৰকাৰে অসম চৰকাৰলৈ প্ৰত্ৰ প্ৰেৰণ কৰি জনাইছে যে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে ভাৰত চৰকাৰে ৬০% অংশীদাৰিত্ব গ্ৰহণ কৰি বিনিয়োগ কৰিব । আৰু ৪০% অসম চৰকাৰে বিনিয়োগ কৰিব লাগিব ।

সেয়ে অসম চৰকাৰে কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অনুমোদন জনোৱাৰ পাছতে অহা এক-ডেৰ মাহৰ ভিতৰত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে নামৰূপত এক উৎসৱমুখৰ পৰিৱেশ

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ দাবীত দুটা দশক ধৰি আন্দোলন চলি আহিছে । মাজে-সময়ে খবৰ ওলায় যে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা বন্ধ কৰি দিয়া হ'ব । ফলত এই উদ্যোগটোৰ কৰ্মচাৰীসকলে চাকৰি হেৰুওৱাৰ ভয় এটা লৈ দিন পাৰ কৰিছিল । কিয়নো ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপ সাৰ কাৰখানা অধিক কাৰ্যক্ষম কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগটোত চতুৰ্থ গোট কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু সেই প্ৰতিশ্ৰুতি কাৰ্যকৰী নহ'ল । ইয়াৰ ওপৰি ২০১৫ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কেবিনেট অনুমোদনৰ জৰিয়তে সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণৰ প্ৰস্তাৱ দিছিল । তাৰ পাছতো নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো ব্যৱস্থা হোৱা নাছিল ।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নামৰূপ সাৰ কাৰখানাক লৈ কৰা ঘোষণাৰ পাছতে নামৰূপত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নে মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি জনোৱাৰ লগতে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰিয়তে সাৰ কাৰখানাটোৰ চতুৰ্থ গোটৰ আধাৰশিলা স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :সাৰ কাৰখানাৰ পৰা এ পি ডি চি এললৈকে: কি কি সিদ্ধান্ত ল'লে কেবিনেটে ? - ASSAM CABINET DECISIONS
লগতে পঢ়ক :প্ৰসংগ নামৰূপ সাৰ কাৰখানা : কেন্দ্ৰীয় মন্ত্রী আৰু মুখ্যমন্ত্রীৰ বক্তব্যত নাই মিল - ASSAM CM ON BVFCL

ABOUT THE AUTHOR

...view details