অসম

assam

ETV Bharat / state

স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন" - BIKAXOR BARO DIN PROGRAM

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ অসমৰ বাহিৰৰ কলেজলৈ পঢ়িবলৈ বা ক'ছিং কৰিবলৈ যোৱা শিক্ষাৰ্থীয়ে নাপাব "বাণীকান্ত কাকতি বঁটা" ।

bikaxor baro din program
স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন" (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 11, 2024, 9:54 PM IST

গুৱাহাটী: অসমৰ প্ৰতিখন জিলাৰ জনতাক সহায়ৰ বাবে বুধবাৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে "বিকাশৰ ১২ দিন"। আজিৰে পৰা আগন্তুক এই বাৰটা দিনত ৰাজ্য চৰকাৰৰ শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ বিভিন্ন আঁচনিৰ কেইবাখনো অভিলাষী আচঁনিৰ সুবিধা প্ৰদান কৰিব চৰকাৰে । অসমৰ সামগ্ৰিক বিকাশ আৰু ৰাজ্যৰ জনতাৰ জীৱনৰ মান উন্নীতকৰণ তথা অবিৰত বিকাশৰ আন এক শক্তিশালী প্ৰয়াস হিচাপে অসম চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

আগন্তুক এই বাৰটা দিনৰ কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে মহানগৰীৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মেধা আৰু সফলতাৰ স্বীকৃতিৰূপে বুধবাৰে আনন্দৰাম বৰুৱা আৰু ড৹ বাণীকান্ত কাকতিৰ নামত প্ৰদান কৰি অহা প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মেধা বঁটাৰ লগতে মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

স্কুটী-চাইকেল-ধন বিতৰণেৰে আৰম্ভ হ'ল "বিকাশৰ ১২ দিন" (ETV Bharat Assam)

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক উপস্থিত থাকে । আজিৰ শুভাৰম্ভণি অনুষ্ঠানত কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাৰ শিক্ষাৰ্থীসকলক আঁচনি দুখনৰ অধীনত মেধা বঁটা আৰু চাইকেল বিতৰণ কৰা হয় । এই আঁচনিৰ জৰিয়তে চলিত বৰ্ষত সমগ্ৰ অসমত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ নম্বৰপ্ৰাপ্ত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীক ১২,৫০০ টকা নগদ ধনৰাশি, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ৪৮,৬৭৩গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটী আৰু ৩,২৩,৬৪০ গৰাকী নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল বিতৰণ কৰা হয় ।

আনহাতে একাংশ শিক্ষাৰ্থী শিক্ষা বিভাগৰ এই আঁচনিত বাদ পৰি ৰোৱা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়- "বাণীকান্ত কাকতি বঁটাৰ পৰা কোনোবা বাদ পৰি ৰৈছে বুলি বিতৰ্ক কৰি লাভ নাই । যিসকলে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ অসমৰ বাহিৰৰ কলেজলৈ পঢ়িবলৈ বা ক'ছিং কৰিবলৈ গৈছে তেওঁলোকে এই বঁটা নাপাব । অসমৰ কোনোবা এখন কলেজত নামভৰ্তি কৰা সকলেহে এই বঁটা পাব । তাৰোপৰি যদি কোনোবাই নাপাই ফেচবুকত লিখি দিলে হ'ল ।"

ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক ১১ টা দিনত ৰাজ্যৰ নাৰী শক্তিলৈ বিত্তীয় সকাহ দিয়াৰ উদ্দেশ্যে অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ অধীনত ৭৮ হাজাৰৰো অধিক ঋণ মাফ কৰি দিয়া মহিলাক প্ৰমাণপত্ৰ প্ৰদান কৰিব । লগতে বিগত সময়ত বানপানীকে ধৰি বিভিন্ন দুৰ্যোগত ক্ষতিগ্ৰস্ত ৬,৮৬,৪৮৭ টা পৰিয়াললৈ মুঠ ৩৫৩.৩৭ কোটি টকাৰ পোনপটীয়া সাহায্য প্ৰদান কৰা হ'ব ৷ একেদৰে বিভিন্ন আত্মসহায়ক গোটৰ ৬,৪৯০ গৰাকী সদস্যাক ২১.৯০ কোটি টকা বিতৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক:১২৪ বছৰীয়া হ'ল এছিয়াৰ প্ৰথম টোপাল তেল নিগৰোৱা ডিগবৈ শোধনাগাৰ

ABOUT THE AUTHOR

...view details