অসম

assam

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 1:18 PM IST

ETV Bharat / state

তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত তিনিচুকীয়াত সজাগতা সভা - Palm cultivation in Assam

Palm cultivation in Assam: তৈল পাম খেতিৰ উপকাৰিতাক লৈ তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত সজাগতা সভা ৷ উৰাবাতৰিত ভোল নগৈ তৈল পাম অভিযানেৰে সকলোকে লাভান্বিত হোৱাৰ আহ্বান অতিৰিক্ত আয়ুক্ত নুঝাৎ নাছৰিনৰ ।

Awareness meeting on the benefits of oil palm cultivation in Tinsukia
তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সভা (ETV Bharat Assam)

তিনিচুকীয়া, ৭ জুন: তৈল পাম অভিযানৰ অধীনত তৈল পাম খেতিৰ সম্পৰ্কত বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষক, উৎপাদক প্ৰতিষ্ঠানৰ সদস্যসকলৰ মাজত অনুষ্ঠিত কৰা হয় এখন সজাগতামূলক সভা । অতিৰিক্ত জিলা আয়ুক্ত(কৃষি) নুঝাৎ নাছৰিনে আঁত ধৰা অনুষ্ঠানটোত জিলা কৃষি বিষয়া দীপক মেনাই এই খেতিয়ে কিদৰে জৈৱ বৈচিত্ৰ্যতা ৰক্ষা কৰি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে সেই দিশসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সভা (ETV Bharat Assam)

এই খেতিৰ বাবে পুলি ৰোপণৰ পৰা তিনি বছৰৰলৈকে খেতিৰ মাজতে আন্তঃশস্য যেনে : হালধি, আদা, অন্যান্য শাক পাচলি আদি খেতি কৰিও উপকৃত হ'ব পাৰি বুলি উল্লেখ কৰি তেওঁ উৰা-বাতৰিত ভোল নগৈ তৈল পামৰ খেতি কৰি কৃষকসকলক অধিক স্বাৱলম্বী হ'বলৈ আহ্বান জনায় । আনহাতে, পুলি ৰোপণ বিষয়া মনিষ দুৱৰাই পাৱাৰ প‌ইণ্টৰ প্ৰতিবেদনৰ জৰিয়তে তথ্য সহকাৰে তৈল পাম খেতিৰ লাভালাভৰ বিষয়ে সকলোকে জানিবলৈ দিয়ে ।

তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সভা (ETV Bharat Assam)

যিসমূহ মাটি ধান বা অন্যান্য খেতিৰ বাবে উপযোগী নহয়, তেনে পৰিত্যক্তভাৱে থকা মাটিত তৈল পাম খেতি কৰি কৃষকসকলে সুফল লাভ কৰিব পাৰিব বুলি জনাই লগতে তৈল পাম খেতিৰ কাৰিকৰী দিশসমূহৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় ।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতবৰ্ষই খোৱা তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা খোৱা তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে ।

তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সভা (ETV Bharat Assam)

লগতে পঢ়ক:Palm Oil Plantation In Assam; অসমত পাম খেতি কৰাটো উচিত নহয় : অৰণ্য মানৱ

সেই অনুসৰি, অসম চৰকাৰেও এই আঁচনিখনৰ অধীনত ৰাজ্যত ইয়াৰ উৎপাদনৰ এলেকা সম্প্ৰসাৰণ তথা তেলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ কল্যাণৰ দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । বৰ্তমান দেশে ৬০-৭০ শতাংশ খোৱা তেল আমদানি কৰি আছে আৰু তাৰ ভিতৰত পাম অ'ইল প্ৰধান ।

সেয়েহে দেশৰ বিভিন্ন ঠাইত থকা অব্যৱহৃত বা পতিত মাটিত এই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণ কৰি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন ২০২১ চনৰ আগষ্ট মাহত মুকলি কৰে ।

তৈল পাম খেতিৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সভা (ETV Bharat Assam)

উত্তৰ-পূৱৰ ৰাজ্য কেইখনকে ধৰি মুঠ ২২ খন ৰাজ্যত এই আঁচনি ৰূপায়ণ কৰিবলৈ লোৱা হৈছে । বৰ্তমান অসমৰ ১৮ খন জিলাত এই আঁচনি ৰূপায়ণৰ ব্যবস্থা কৰা হৈছে । সভাত জিলাখনৰ ৯ টা কৃষক উৎপাদক প্ৰতিষ্ঠানৰ সদস্যৰ লগতে উপস্থিত থাকে জিলা কৃষি তথ্য বিষয়া তথা তৈল পাম খেতিৰ ন'ডেল বিষয়া পংকজ গগৈ, পতঞ্জলি কোম্পানীৰ বিষয়াসকল, কৃষি উন্নয়ন বিষয়া মেঘ্না শইকীয়া, আঁচনি বিষয়া ড৹ যামিনী শইকীয়া আৰু অন্যান্য বিষয়াসকল ।

লগতে পঢ়ক:আজিৰে পৰা আৰম্ভ হ'ল ভাৰতৰ প্ৰথমটো অইল পাম প্ৰচেছিং ইউনিট

ABOUT THE AUTHOR

...view details