গুৱাহাটী, 24 মে’:নিশা হ’লেই যেন উত্তাল হৈ পৰে মহানগৰী গুৱাহাটীৰ চৌপাশ ৷ এচামৰ বাবে ৰঙীন হ’লেও কিন্তু আন আচামৰ বাবে এই গুৱাহাটীখনে হৈ পৰে আতংকৰ কাৰণ ৷ দিনৰ সলনি নিশাৰ ভাগত দুটকা বেছিকৈ উপাৰ্জন কৰিব বুলিয়েই পেটৰ ক্ষুধাত একাংশই আকৌ বাছি লয় মহানগৰীৰ ৰাজপথ ৷ যাৰ বাবে দোভাগ নিশালৈকে মহানগৰীৰ ৰাজপথত যাত্ৰীৰ অপেক্ষা কৰে অ’লা, উবেৰ, ৰেপিড’ৰ দৰে কোম্পানীসমূহৰ বাহনে ৷ পিছে কেতিয়াবা এনেবোৰ বাহনৰ চালকসকলৰ জীৱনৰ প্ৰতি আহি যায় ভাবুকি ৷ কিয়নো নিশা হ’লেই প্ৰায়ে মহানগৰীত সংঘটিত হয় বহু অপৰাধ ৷
লগতে পঢ়ক :তিনিডালকৈ কামিহাঁড় ভাগিল কনিষ্টবল প্ৰদীপ বসুমতাৰীৰ - Crime In Guwahati
তেনে এক ঘটনা সংঘটিত হৈছে বৃহস্পতিবাৰে নিশা ৷ চাৰি ড্ৰাগছ আসক্ত যুৱকৰ হিংসাৰ বলি হৈ জি এম চি এইচত চিকিৎসাধীন হ’বলগীয়া হৈছে এজন ৰেপিড’ চালক ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নিশা চাৰি যুৱকে ড্ৰাগছ সেৱন কৰি মহানগৰীৰ কোনো স্থানৰ পৰা আহি আছিল গণেশগুৰি অভিমুখে ৷ ইফালে গণেশগুৰি বাছ আস্থানৰ সমীপত নিশাৰ যাত্ৰীৰ বাবে অপেক্ষা কৰি ৰৈ আছিল ৰেপিড’ চালক দ্বীপজ্যোতি ঠাকুৰীয়া ৷ প্ৰায় 1 মান বজাত অহা যুৱকৰ দলটোৱে অকলশৰে থকা দ্বীপজ্যোতিক দেখি ধন দাবী কৰে ৷
যুৱকৰ দলটোৱে বিচৰা 200 টকাটো দিবলৈ অপাৰগ হোৱাৰ বাবেই দ্বীপজ্যোতি ঠাকুৰীয়া নামৰ ৰেপিড’ চালকগৰাকীৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা আৰম্ভ কৰে নিচাসক্ত যুৱকৰ দলটোৱে ৷ চাৰিজনীয়া যুৱকৰ দলটোৱে এখন বাইক আৰু এখন অট’ত আহি গণেশগুৰিত উপস্থিত হৈছিল বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, দাবী কৰা ধন দিবলৈ অপাৰগ হোৱাৰ বাবেই যুৱকৰ দলটোৱে ৰেপিড’ চালকগৰাকীৰ স্কুটীখনৰ ক্ষতিসাধন কৰাৰ লগতে তেওঁক ইটা আৰু হেলমেটেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ যুৱকৰ দলটোৰ আক্ৰমণত তিষ্ঠিৱ নোৱাৰি দ্বীপজ্যোতিয়ে প্ৰাণৰক্ষাৰ নিমিত্তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও পাছে পাছে খেদি যায় যুৱকৰ দলটো ৷