ধেমাজি, 23 মাৰ্চ: এফালে গণতন্ত্ৰৰ উৎসৱ, আনফালে প্ৰাণৰ উৎসৱ ৷ চ’তৰ বতৰত এতিয়া সমানে চলিছে গণজীৱন আৰু গণতন্ত্ৰৰ উৎসৱৰ আখৰা ৷ চ’তৰ আকাশত সমানে বিয়পিছে উৰাজাহাজৰ কাণ তালমৰা শব্দৰ লগতে ঢোল-পেঁপা-গগনাৰ শব্দ ৷ পথৰ ধূলি উৰুৱাই এফালে যদি নেতাৰ বাহন গৈছে, আনফালে বিহুৰ আখৰালৈ ঢপলিয়াইছে ঢুলীয়া-নাচনী ৷ মুঠতে এই বতৰ উৎসৱৰ বতৰ ৷ বিহুবলিয়া অসমীয়া বুলিয়েই কওক, অথবা গণতন্ত্ৰৰ সহযোগীয়েই হওক, সমানেই হৈ পৰিছে ব্যস্ত ৷ কুলি-কেতেকীৰ সমানে সমানে বৰষিছে নেতাৰ আকৰ্ষণীয় ভাষণ ৷
19 মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সাতবিহু শেষ নৌহওতেই অনুষ্ঠিত হ’ব গণতন্ত্ৰৰ উৎসৱ ৷ ৰঙালীৰ বতৰা পাই কঁকালত টঙালি বান্ধিছে বিহুবলিয়া অসমীয়াই ৷ কোনোবা যদি ব্যস্ত হৈ পৰিছে বিহুনাচৰ আখৰাত, আন কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ অবিচ্ছেদ্য অংগ ঢোল নিৰ্মাণ অথবা কোনো ঢুলীয়াৰ পুৰণি ঢোলটোৰ বৰতি, খোলা, কোবনি, তালি আদি মেৰামতি কৰাত ৷ এনে দৃশ্য ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া সুলভ হৈ পৰিছে ৷ ধেমাজিৰ সুনীল বাদ্য ভাণ্ডাৰত বিগত প্ৰায় ডেৰ দশকৰ দৰেই এতিয়া গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে ৷ বাদ্য ভাণ্ডাৰটোত গুমগুমাই থকা ঢোলৰ শবদে টানি আনিছে সমুখৰ পথেৰে পাৰ হৈ যোৱা অসমীয়াক ৷