অসম

assam

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 4:07 PM IST

ETV Bharat / state

মেট্ৰিকৰ ফলাফল : উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত চিৰাং, সৰ্বনিম্ন স্থানত ওদালগুৰি - Assam HSLC Result 2024

ঘোষণা হ'ল 2024 বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ 91.2% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থানত আছে চিৰাং জিলা ৷ আনহাতে 60.9% উত্তীৰ্ণৰ হাৰেৰে একেবাৰে শেষৰ স্থানত আছে ওদালগুৰি জিলা ৷

ASSAM HSLC RESULT 2024
ঘোষণা হ'ল 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

গুৱাহাটী, 20 এপ্ৰিল : শুকুৰবাৰে ঘোষণা হ'ল 2024 বৰ্ষৰ অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পুৱা 10.30 বজাৰ লগে লগে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা) কৰ্তৃপক্ষই ঘোষণা কৰে মেট্ৰিকৰ ফলাফল ৷ 10 টাকৈ ৱেবছাইটত উপলব্ধ হয় ফলাফল ৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4 লাখ 19 হাজাৰ 78 গৰাকী শিক্ষাৰ্থী ৷ তাৰে 3 লাখ 17 হাজাৰ 713 গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে 75.73% ৷ ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ 77.3% হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 74.4 % ৷

ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল

2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ 91.2% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থানত আছে চিৰাং জিলা ৷ আনহাতে 60.9% উত্তীৰ্ণৰ হাৰেৰে একেবাৰে শেষৰ স্থানত আছে ওদালগুৰি জিলা ৷ ইফালে 88.1% উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত আছে নলবাৰী জিলা ৷ তৃতীয় স্থানত আছে ডিমা হাছাও জিলা ৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ হৈছে 87.1% ৷ 86.9% শতাংশ উত্তীৰ্ণৰ হাৰেৰে চতুৰ্থ স্থানত আছে বাক্সা জিলা ৷ পঞ্চম স্থানত আছে শিৱসাগৰ জিলা ৷ জিলাখনত এইবাৰ উত্তীৰ্ণৰ হাৰ হৈছে 85.1% ৷

আনহাতে 84.2% উত্তীৰ্ণৰ হাৰেৰে কামৰূপ মহানগৰ জিলা ষষ্ঠ স্থানত আছে ৷ সপ্তম স্থানত আছে গোলাঘাট জিলা ৷ জিলাখনত উত্তীৰ্ণৰ হাৰ হৈছে 82.4% ৷ অষ্টম স্থানত আছে কাৰ্বি আংলং ৷ জিলাখনৰ উত্তীৰ্ণৰ হাৰ 81.6% ৷ 81.3% উত্তীৰ্ণৰ হাৰেৰে নৱম স্থানত আছে কামৰূপ গ্ৰাম্য জিলা ৷ দশম স্থানত আছে দুখনকৈ জিলা ৷ 81.1 % উত্তীৰ্ণৰ হাৰেৰে ধেমাজি আৰু যোৰহাট জিলাই দশম স্থান দখল কৰিছে ৷

আনহাতে এইবাৰ মেট্ৰিক পৰীক্ষাত 100 ৰ ভিতৰতে 100 নম্বৰ লাভ কৰিছে কেবাগৰাকী শিক্ষাৰ্থীয়ে ৷ ইংৰাজীত 82 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে 100 নম্বৰ ৷ অসমীয়াত 3 গৰাকী প্ৰাৰ্থীয়ে 100 নম্বৰ লাভ কৰাৰ বিপৰীতে সাধাৰণ গণিতত ৮ গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিছে 100 নম্বৰ ৷ আনহাতে সাধাৰণ বিজ্ঞানত 71 গৰাকীয়ে লাভ কৰিছে 100 নম্বৰ ৷ সমাজ বিজ্ঞানত 100 নম্বৰ লাভ কৰিছে 133 গৰাকী শিক্ষাৰ্থীয়ে ৷ ইফালে ঐচ্ছিক গণিতত 1,328 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে 100 নম্বৰ ৷

লগতে পঢ়ক :ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC Result 2024

ABOUT THE AUTHOR

...view details