অসম

assam

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:20 PM IST

ETV Bharat / state

উন্নয়নৰ বাবে অসম চৰকাৰে বাজেটত ধাৰ্য কৰা পুঁজিৰ কিমান ব্যয় কৰিলে ? - ASSAM GOVERNMENT

Assam Govt Schemes : ২০২৩-২৪ বিত্তীয় বৰ্ষত মূলধন শিতানত ধাৰ্য কৰা ৩১,৩১৮.৮৯ কোটি টকাৰ ব্যয় কৰা হয় ২০,৭৩১.৫৪ কোটি টকা । উন্নয়নৰ বাবে ধাৰ্য কৰা পুঁজিৰ ৩৪ শতাংশই ব্যয় কৰিবলৈ সক্ষম নহ'ল ৷ ৰাজহ শিতানত ১,১৮,৪৩৪ কোটি ধাৰ্য কৰি খৰচ কৰিলে ৯০,৮০৮.০৫ কোটি টকা।

Assam Govt Schemes
পুঁজি ব্যয়ত ব্যর্থ চৰকাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 29 জুন :ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে প্ৰত্যেক বছৰে বাজেটত পুঁজি ধাৰ্য কৰা হয় আৰু সেই অনুসৰি ব্যয় কৰা হয় ৷ বিগত 2023-24 বিত্তীয় বৰ্ষটো অসম চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে বাজেটত পুঁজি ধাৰ্য কৰিছিল ৷ কিন্তু ধাৰ্য কৰা পুঁজিৰ 34 শতাংশই ব্যয় কৰিবলৈ সক্ষম নহ'ল ৷ ৰাজ্যৰ বিত্ত বিভাগৰ তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষটোত অসম চৰকাৰে মূলধনী শিতানত বায়ৰ বাবে ধাৰ্য কৰিছিল মুঠ 31,399 কোটি টকা ৷ কিন্তু বিত্তীয় বৰ্ষটোত কেৱল হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যস্ত থকা অসম চৰকাৰে মূলধনী শিতানত বাজেট ধাৰ্য পুঁজিৰ 20,732 কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয় ৷ অর্থাৎ চৰকাৰখনে ৰাজ্যখনৰ উন্নয়নমূলক কামত বাজেটৰ 66 শতাংশ পুঁজিহে ব্যয় কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ বিপৰীতে 34 শতাংশ পুঁজি ব্যয় কৰাত ব্যর্থ হয় ৷

ডাবল ইঞ্জিন চৰকাৰৰ কথা কৈ বিজেপিৰ নেতা-মন্ত্ৰীসকলে সততে ৰাজ্যখনৰ চৌদিশে কেৱল উন্নয়ন তথা বিকাশ হোৱা বুলিয়েই দাবী কৰি আহিছে ৷ কিন্তু বাস্তৱৰ ছবিখন তেনে নহয় ৷ বাজেটত ধাৰ্য কৰা উন্নয়নৰ পুঁজি ব্যয়ত ব্যৰ্থ হোৱা চৰকাৰখনে কিন্তু একমাত্ৰ ভোটৰ স্বাৰ্থত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা মাহিলি হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ কেৱল হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যস্ত থাকি ৰাজ্যখনৰ উন্নয়নক গুৰুত্বহীন কৰি আহিছে ৷ যাৰ বাবে অসম চৰকাৰে বাজেটত মূলধনী শিতানত ধাৰ্য কৰা পুঁজি ব্যয় কৰাত চূড়ান্তভাৱে ব্যর্থ হৈছে ৷ লক্ষণীয় বিষয় যে বিগত 2023-24 বিত্তীয় বৰ্ষটোত ব্যয়ৰ বাবে ধাৰ্য কৰা মুঠ পুঁজিৰ পৰিমাণ আছিল 1,50,050.20 কোটি টকা ৷ ইয়াৰে ৰাজহ শিতানত 1,18,434 কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে মূলধনী শিতানত ধাৰ্য কৰা হয় 31,399 কোটি টকা ৷

লগতে পঢ়ক :দুই-তিনিমাহৰ ভিতৰত আৰম্ভ হ'ব কামাখ্যা কৰিড'ৰৰ নিৰ্মাণকাৰ্য : কামাখ্যা দৰ্শন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য - Kamakhya temple

তথ্য অনুসৰি বিগত বিত্তীয় বৰ্ষটোত চৰকাৰে ব্যয় কৰে মুঠ 1,11,604.09 কোটি টকা ৷ অৰ্থাৎ ব্যয়ৰ হাৰ 74.38 শতাংশ ৷ আনহাতে 2022-23 বিত্তীয় বৰ্ষত ব্যয়ৰ হাৰ আছিল 74.88 শতাংশ ৷ বিগত 2023-24 বিত্তীয় বৰ্ষটোত চৰকাৰে ৰাজহ শিতানত ব্যয় কৰে 90,808.05 কোটি টকা ৷ ৰাজহ শিতানত ব্যয় হোৱা পুঁজিৰ ভিতৰত কাৰ্যালয় ব্যয়, পৰিবহণ ব্যয়, সভা-সমিতিৰ নামত ব্যয়কে ধৰি হিতাধিকাৰী আঁচনি আদিত ব্যয় কৰা হয় 30,720.54 কোটি টকা ৷ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা লোৱা ঋণৰ সুত পৰিশোধত খৰচ হয় 7,254 কোটি টকা ৷ আনহাতে চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ নামত 34,580.22 কোটি টকা, পেন্সনৰ নামত 17,660 কোটি টকা আৰু ৰাজসাহায্যৰ নামত ব্যয় হয় 594 কোটি টকা ৷

বিগত বিত্তীয় বৰ্ষটোত অসম চৰকাৰে সাধাৰণ খণ্ডত 47,531.49 কোটি টকা ধাৰ্য কৰি ব্যয় কৰে 40,216.32 কোটি টকা ৷ সেইদৰে সামাজিক খণ্ডত 64,020.24 কোটি টকা ধাৰ্য কৰি ব্যয় কৰে 45,771.37 কোটি টকা ৷ তদুপৰি অৰ্থনৈতিক খণ্ডত 37,278.14 কোটি টকা ধাৰ্য কৰি ব্যয় কৰে 25,219 কোটি টকা ৷ লক্ষণীয় বিষয় যে অসম চৰকাৰে 2023-24 বিত্তীয় বৰ্ষটোত 1,14,085 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে সংগ্ৰহ কৰে 92,212 কোটি টকা ৷ ইয়াৰ ভিতৰত কৰ ৰাজহ 61,953 কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে সংগ্ৰহ কৰে 63,509 কোটি টকা | আনহাতে অনাকৰ ৰাজহ 7,011 কোটি টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে সংগ্ৰহ কৰে 6568 কোটি টকা | ইফালে কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায়ক অনুদান হিচাপে 45121.31 কোটি টকা লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা চৰকাৰখনে লাভ কৰে 22,136 কোটি টকা | এইবাৰো ৰাজ্যখনৰ বিকাশৰ বাবে বিভিন্ন শিতানত বাজেটত পুঁজি ধাৰ্য কৰা হৈছে | অৱশ্যে ইয়াৰে কিমান পুঁজি ব্যয় কৰিবলৈ সক্ষম হ'ব সেয়া বিত্তীয় বৰ্ষটো সমাপ্ত হোৱাৰ পিচতহে জানিব পৰা যাব ৷

লগতে পঢ়ক :10 তাৰিখে দৰমহা লাগে যদি 100% কাম কৰিব লাগিব জলমিত্ৰসকলে; মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কঠোৰ সকীয়নি - PHED Minister Jayanta Mallabaruah

ABOUT THE AUTHOR

...view details