গুৱাহাটী, ২ মাৰ্চ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শুকুৰবাৰৰ নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী কেশৱ মহন্তই ।
কেবিনেটে অসমত Tata Semiconductor Assembly and Test Pvt Ltd- এ 27000 কোটি টকা ব্যয়ৰে এটা ছেমি কণ্ডাক্টৰ ইউনিট স্থাপনৰ যুগান্তৰকাৰী সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী আৰু টাটা ছন'ছৰ অধ্যক্ষক ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । এই ছেমি কণ্ডাক্টৰ ইউনিটটো জাগীৰোডৰ পূৰ্বৰ নগাঁও কাগজ কলৰ স্থানত স্থাপন কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । 500 বিঘা ভূমিত নিৰ্মাণ কৰা হ’ব এই প্ৰকল্প ।
এই প্রকল্পৰ জৰিয়তে পোনপটীয়াকৈ 15 হাজাৰ লোকে নিয়োগৰ সুবিধা লাভ কৰিব । আনহাতে, যোৰহাটত নিৰ্মাণ হ’ব এলিভেটেড ক’ৰিডৰ । বৰুৱা চাৰিআলিৰ পৰা ভোগদৈলৈ হ’ব 3 লেনযুক্ত এলিভেটেড ক’ৰিডৰ । এই এলিভেট ক’ৰিডৰৰ বাবদ ব্যয় হ’ব 166.12 কোটি । কেবিনেটে ইয়াৰ প্ৰতি অনুমোদন জনায় ।