গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী:মিছন বসুন্ধৰা ২.০ৰ সমাপ্তিৰ পিছতে শুক্ৰবাৰে মিছন বসুন্ধাৰ ৩.০ৰ মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে মিছন বসুন্ধাৰ ৩.০ৰ মুকলি কৰে । অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে মিছন বসুন্ধৰা ৩.০ ত অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ বাবে সহজভাৱে মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব । মিছন বসুন্ধৰা ৩.০ জৰিয়তে অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীক মাটিৰ পট্টা দিয়াৰ নিয়ম শিথিল কৰা হ'ব বুলিও তেওঁ কয় ।
ড৹ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলক মিছন বসুন্ধাৰ ৩.০ জৰিয়তে মাটিৰ পট্টা দিয়াৰ নিয়ম শিথিল কৰা হ'ব । তেওঁ কয় যে মিছন বসুন্ধৰা ২.০ মাটিৰ পট্টাৰ বাবে আৱেদন কৰা লোকসকলে অসমত বসবাস কৰা তিনিটা প্ৰজন্ম থকা প্ৰমাণ পত্ৰ দিব লগা নিয়ম আছিল । যাৰ বাবে ১৩ লাখ লোকে আৱেদন কৰাৰ পিছত মাত্ৰ ২ লাখ লোকে মাটিৰ পট্টা লাভ কৰিছিল । ইয়াৰ পৰা প্ৰমাণ হৈছিল যে এই প্ৰক্ৰিয়া যথেষ্ট নিকা আৰু স্বচ্ছ আছিল ।