গুৱাহটী : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত শনিবাৰে নিশা অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । বৰাক উপত্যকাৰ উন্নয়নৰ বাবে সুকীয়া বিভাগ গঠনৰ পৰা আৰম্ভ কৰি কাৰাগাৰত অপ্ৰাকৃতিক কাৰণত মৃত্যুবৰণ কৰা কয়দীৰ পৰিয়ালক ক্ষতিপূৰণ দিয়ালৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ।
শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সদস্যৰূপে শপত গ্ৰহণ কৰা প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে আজিৰ কেবিনেটত প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰূপে অংশগ্ৰহণ কৰে ৷
বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন:
বৰাকৰ পৰা দুজনকৈ বিধায়কে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ দিনাই আজি বৰাক উপত্যকাক লৈ সুকীয়া উন্নয়ন বিভাগ গঠনত কেবিনেটে অনুমোদন জনায় ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই সুকীয়া বিভাগ গঠনক বৰাকৰ বাবে সুশাসনৰ নতুন দিগন্ত বুলি আখ্যা দিছে ৷ কেবিনেট বৈঠকৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদ মাধ্যমক কয় যে চৰকাৰী ব্যৱস্থাক নাগৰিকসকলৰ অধিক কাষলৈ অনা আৰু বৰাক উপত্যকাৰ ন্যায়সংগত উন্নয়নৰ প্ৰয়াসৰ বাবে কেবিনেটে বৰাক উপত্যকা উন্নয়ন বিভাগ গঠনত অনুমোদন জনাইছে ৷
স্বচ্ছ শক্তি উৎপাদন বৃদ্ধি:
লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনাই যে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ আৰু স্বচ্ছ বিকল্প ইন্ধনৰ দিশত গুৰুত্ব দি কেবিনেটে ৩ বছৰৰ বাবে ৩ টা শস্য আধাৰিত ইথানল প্ৰস্তুতকাৰী গোটক ২ টকা/লিটাৰ দৰত ইথানল উৎপাদন সংযোজিত উদগনিমূলক সাহাৰ্যত অনুমোদন জনাইছে ।
মৃত কাৰাবন্দীৰ নিকটাত্মীয়লৈ বিত্তীয় সাহাৰ্য :
মন কৰিবলগীয়া যে বিভিন্ন সময়ত কাৰাগাৰত অপ্ৰাকৃতিক কাৰণত কয়দীৰ মৃত্যু ঘটে ৷ এনেদৰে মৃত্যু ঘটা কয়দীৰ পৰিয়ালৰ নিকটাত্মীয়ক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অসমৰ কাৰাগাৰৰ ভিতৰত কোনো কাৰাবন্দীৰ অপ্ৰাকৃতিক মৃত্যু হ'লে মৃতকৰ নিকটাত্মীয়ক ক্ষতিপূৰণ পৰিশোধৰ নীতিত আজিৰ কেবিনেটে অনুমোদন জনাইছে ৷
সেই অনুসৰি কেনে অপ্ৰাকৃতিক কাৰণত এককালীন ক্ষতিপূৰণ প্ৰদান কৰা হ'ব সেয়াও নিৰ্ধাৰণ কৰি দিছে কেবিনেটে । অপ্ৰাকৃতিক মৃত্যুৰ কাৰণসমূহ এনেদৰে নিৰ্ধাৰণ কৰা হৈছে- কয়দীসকলৰ মাজত কাজিয়াত মৃত্যু হ’লে দুই লাখ, কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা অত্যাচাৰ-প্ৰহাৰত মৃত্যু ঘটিলে ৩ লাখ টকাৰ সাহাৰ্য দিয়া হ’ব নিকটাত্মীয়ক ৷ আনহাতে কাৰাগাৰৰ কৰ্মচাৰীৰ দ্বাৰা কৰ্তব্যত অৱহেলাৰ ফলত কয়দীৰ মৃত্যু হ’লে ৪ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব নিকটাত্মীয়ক । লগতে, চিকিৎসা বিষয়া-পেৰামেডিক্সৰ দ্বাৰা অৱহেলাত মৃত্যু হ’লে ৪ লাখ টকা আৰু বন্দীসকলৰ দ্বাৰা আত্মহননৰ ঘটনা ঘটিলে ৩ লাখ টকা লাভ কৰিব নিকটাত্মীয়ই ।
লগতে পঢ়ক:১৪ৰ পৰা ১৮ হ'ল অসম মন্ত্রীসভা : মন্ত্রী হিচাপে শপতগ্ৰহণ ৪ বিধায়কৰ