বিহপুৰীয়া, 8 ফেব্ৰুৱাৰী :অসমত কংগ্ৰেছৰ সৈতে ইণ্ডি মিত্ৰজোঁটত থকা আম আদমি পাৰ্টীয়ে বৃহস্পতিবাৰে ৰাজ্যৰ তিনিখন লোকসভা আসনত আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন কুমাৰ বৰাই । আপৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছত ভূপেন বৰাই কয় যে বিজেপিক প্ৰতিহত কৰাৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ৰ দৰে অসমতো কংগ্ৰেছ তথা আপ মিত্ৰজোঁটত আছে ।
২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে এই মিত্ৰতা থাকিব । এই বিৰোধী মিত্ৰতা প্ৰত্যেকটো দলৰ সৈতে আলোচনামৰ্মে কৰা হৈছে । এই দুটা নিৰ্বাচনত বিৰোধী দলসমূহে সন্মিলিতভাৱে যুঁজাৰ এক বুজাবুজি আছে । কিন্তু এইটো যিহেতু সাধাৰণ নিৰ্বাচন, সেয়ে ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত ৰাজ্যিক নেতাসকল নিৰ্ভৰশীল বুলি মন্তব্য কৰে ভূপেন বৰাই ।
তেওঁ কয় যে আপৰ ৰাজ্যিক নেতা ভৱেন চৌধুৰীৰ সৈতে মিত্ৰতা সন্দৰ্ভত আলোচনা হৈছে । কিন্তু আপৰ ফালৰ পৰা ৰাষ্ট্ৰীয় নেতৃত্বই যি তিনিজন প্ৰাৰ্থী ঘোষণা কৰিছে সেইটো তেওঁলোকৰ দলৰ সিদ্ধান্ত । এই কথাত তেওঁৰ বিশেষ ক'বলগীয়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অসমৰ চাৰিসীমাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰৰ শেষৰ দিনলৈকে চেষ্টা কৰিব যাতে তেওঁলোকে বুজাবুজিৰে নিৰ্বাচন খেলিব পাৰে ।
তেওঁ কয়, "এইক্ষেত্ৰত মই আশা নেৰোঁ, মই আশা পুহি ৰাখিম । বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সকলোৰে শুভবুদ্ধি উদয় হ'ব বুলি মই আশাবাদী । আমি ঐকমত্যত উপনীত হ'ব লাগিব । বিজেপি-বিৰোধী ভোট যাতে আমি ৰোধ কৰিব পাৰোঁ তাৰ বাবে মই মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে, শেষ মুহূৰ্তলৈকে আমি কিবা বুজাবুজি কৰিব পাৰোঁ নেকি চেষ্টা চলাম ।"