কলিয়াবৰ, 8 মাৰ্চ : শুকুৰবাৰে কলিয়াবৰত ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত সমাগত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে বিৰোধী ঐক্য মঞ্চই । কাজিৰঙা সংসদীয় সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ ক্ষেত্ৰত একপ্ৰকাৰৰ ঐক্যমতত উপনীত হোৱাৰ ইংগিত দিয়ে ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈয়ে । প্ৰতিবাদী সভাত আঁত ধৰোতাৰ ভূমিকা লৈ ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ সময়ত অখিল গগৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ৰূপে আগবঢ়াইছে বুলি অৱগত কৰে । কিন্তু অসম কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই এইক্ষেত্ৰত এক কৌশলপূৰ্ণ মন্তব্য কৰি কয় যে ঐক্য মঞ্চৰ মুখপাত্ৰ অখিল গগৈয়ে এই ক্ষেত্ৰত আশা কৰিব পাৰে । আশা কৰাক লৈ অখিল গগৈক প্ৰশ্ন কৰিব নোৱাৰি বুলিও মন্তব্য কৰে তেওঁ ।
আনহাতে ভূপেন বৰাই তৃণমূল কংগ্ৰেছ দল, আম আদমী পাৰ্টি আৰু কমিউনিষ্ট দলৰে দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বুজাবুজি হ’ব বুলি উল্লেখ কৰে । সকলোৱে একেলগে অনাগত নিৰ্বাচনত যুঁজ দিয়াৰ কথাও তেওঁ সদৰী কৰে । কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়ে সোধা এক প্ৰশ্নত আগন্তুক 11 তাৰিখেহে সিদ্ধান্ত ৰাজহুৱা কৰা হ’ব বুলি জানিবলৈ দিয়ে সভাপতিজনে ।