ধিং, ৬ ছেপ্টেম্বৰ :নিচামুক্ত সমাজ গঢ়াৰ বাবে সংকল্প । সমাজত দিনক দিনে বৃদ্ধি পোৱা ড্ৰাগছৰ লগতে নিচাজাতীয় দ্ৰব্য়ৰ প্ৰচলনৰ বিৰুদ্ধে এইবাৰ এটা সংখ্য়ালঘু অধ্য়ুষিত অঞ্চলৰ ৰাইজে ল'লে এই সংকল্প । ৰাইজৰ ড্ৰাগছ তথা নিচা সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি সকীয়েলে সমাজবিৰোধী চক্ৰক ।
এই অঞ্চলটোৰ সচেতন ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য়ে আয়োজন কৰা সভাত গ্ৰহণ কৰিলে কেইবাটাও সিদ্ধান্ত । ড্ৰাগছ আসক্ত লোকৰ জানাজাৰ নামাজ আৰু ৰাজহুৱা কবৰস্থানত কবৰস্থ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ড্ৰাগছ আসক্ত লোকৰ জানাজাৰ নামাজ আৰু ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰা নহয় বুলি মৈৰাবাৰীত জমিয়ত উলমা-ই হিন্দৰ কঠোৰ সিদ্ধান্ত ।
ধিং সমষ্টিৰ মৈৰাবাৰী অঞ্চলটোত ড্ৰাগছ সৰবৰাহকাৰী আৰু আসক্তৰ সংখ্যা বৃদ্ধি হৈছে । লগতে বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ দৈনিক বৃদ্ধি পাই আহিছে । বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত অপৰাধীসকলে ইটোৰ পাছত সিটো দুষ্কাৰ্য সংঘটিত কৰি আহিছে । আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত অভিযান চলাই বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰি আহিছে যদিও ইয়াৰ প্ৰকোপ হ্ৰাস পোৱা নাই । ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে ।
- সামাজিকভাৱে এঘৰীয়া কৰিব ড্ৰাগছত জড়িত পৰিয়ালক
মৈৰাবাৰীৰ ৰাইজৰ লগতে জমিয়ত উলেমা-ই হিন্দে ড্ৰাগছৰ লগত জড়িত লোকক সামাজিকভাৱে বৰ্জন কৰাৰ লগতে জানাজাৰ নামাজত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়াৰে পৰা ড্ৰাগছ বা অন্যান্য অবৈধ ব্যৱসায়ৰ লগত জড়িত লোকক সামাজিক বাবে বৰ্জন কৰা হ'ব । ৰাজহুৱা কবৰস্থানত কবৰ নিদিয়া, জানাজা নামাজত অংশ নোলোৱাৰ লগতে ড্ৰাগছৰ লগত জড়িত সেইখন ঘৰকো সামাজিকভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে মৈৰাবাৰীৰ ৰাইজে ।