ধেমাজি, 16 ফেব্ৰুৱাৰী :শুকুৰবাৰে অংগনৱাড়ী কৰ্মী-সহায়িকাৰ উত্তাল প্ৰতিবাদত কঁপিল ধেমাজি ৷ সমস্ত কামৰ বোজা এই অংগনৱাড়ী কৰ্মী-সহায়িকাৰ ওপৰত জাপি দি কামৰ বিনিময়ত উপযুক্ত ধন আদায় নিদিয়াকৈ চৰকাৰ কেনেকৈ আছে বুলি আজি প্ৰতিবাদকাৰী মহিলাই ক্ষোভ উজাৰে ৷ স্বাস্থ্য বিভাগৰ মিটিং, পঞ্চায়তৰ মিটিং সকলোতে যিকোনো ধৰণৰ কামৰ বাবে অংগনৱাড়ী কৰ্মী-সহায়িকাই কাম কৰিবগৈ লাগে, কিন্তু কামৰ বিনিময়ত পাবলগীয়া মজুৰি তেওঁলোকে নাপায় ৷
শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনৱাড়ী কৰ্মী-সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱক বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান এতিয়াও কৰা নাই ৷ যিসময়ত ৰাজ্যত হাজাৰ হাজাৰ যুৱক-যুৱতীক চৰকাৰী সংস্থাপন দি কামৰ বাবদ প্ৰতিমাহে মোটা পৰিমাণৰ দৰমহাৰ সুবিধা প্ৰদান কৰা হৈছে, তেনে সময়ত নামমাত্ৰ দৰমহা আদায় দি এটা মাহত অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ পৰা চৰকাৰে আদায় কৰি আহিছে বুজন পৰিমাণৰ কাম !