অসম

assam

ETV Bharat / state

আমিনুল ইছলামে বুৰঞ্জী নাজানে বুলি আজিহে গম পাইছে কলাগুৰুৰ পুত্ৰই - Aminul Islam Controversy - AMINUL ISLAM CONTROVERSY

Aminul Islam Controversy: বিষ্ণুৰাভা যদি খিলঞ্জীয়া, তেন্তে মিঞাসকলো খিলঞ্জীয়া ৷ আমিনুল ইছলামৰ এই মন্তব্যই পুনৰ সূচনা কৰিলে বিতৰ্কৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই ৷

AMINUL ISLAM CONTROVERSY
আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 10:56 PM IST

আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া

তেজপুৰ, ২৩ মাৰ্চ: ‘কোনো এক ভূমিত যি সৰ্বপ্ৰথম বসতি স্থাপন কৰি শেষলৈকে থাকে তেওঁলোক খিলঞ্জীয়া ৷ বিষ্ণু ৰাভাই ঢাকাত জন্মলাভ কৰাৰ পিচতো যদি খিলঞ্জীয়া হ’ব পাৰে, তেন্তে মিঞাসকল 100 শতাংশ খিলঞ্জীয়া ৷ বিজেপিক ভোট দিয়া নাই কাৰণে খিলঞ্জীয়া নহয় বুলি কৈছে ৷’’ ধিঙৰ বিধায়ক আমিনুল ইছলামৰ এই মন্তব্যই পুনৰ সৃষ্টি কৰিলে বিতৰ্ক ৷

নগাঁৱৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়কগৰাকীয়ে এই বিতৰ্কিত মন্তব্য কৰাৰ পিচতে কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক জাঙুৰ খাই উঠিছে । তেজপুৰত আমিনুল ইছলামৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলাগুৰুৰ পুত্ৰ তথা বিধায়ক পৃথ্বীৰাজ ৰাভাই ৷ আমিনুল ইছলামে অসমৰ কথা নাজানে, বুৰঞ্জী-ভূগোল নাজানে বুলি মন্তব্য কৰি ভৱিষ্যত এনে মন্তব্য নকৰিবলৈ আমিনুল ইছলামক সকীয়াই দিয়ে বিধায়ক ৰাভাই ।

ৰাভাই কয় যে আমিনুল ইছলামে বহু কথাই নাজানে ৷ ‘‘আমিনুল ইছলাম যে ইমান গাধা, মই আজিহে গম পাইছোঁ’’ বুলি মন্তব্য কৰে পৃথ্বীৰাজ ৰাভাই ৷ কাৰণ বিষ্ণু প্ৰসাদ ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভাই অবিভক্ত বাংলাদেশৰ ঢাকাত চাকৰি কৰিছিল ৷ তেওঁ বংগৰ এদি কম ডি চি আছিল ৷ পিতৃৰ চাকৰি সূত্ৰে বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম ঢাকাত হৈছিল ৷ তাত তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি তেজপুৰত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি ১৯৬৭ চন তেজপুৰৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰিছিল বুলি কলাগুৰুৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই তেজপুৰত কয় তেওঁ কয় যে বিষ্ণু প্ৰসাদ ৰাভা ঢাকায়া নহয় ৷ তেওঁ অসমীয়া, তেজপুৰীয়া ।

উল্লেখ্য যে আমিনুল ইছলামে বিতৰ্কিত মন্তব্যটো কৰি লগতে কৈছিল, ‘‘তেঁও ঢাকাত জন্ম হোৱাৰ বাবেই খিলঞ্জীয়া নোহোৱা নহয় ৷ কিন্তু যিসকলৰ পিতৃ-পিতামহ অসমত জন্ম হৈছিল, তেওঁলোক কিয় খিলঞ্জীয়া নহ’ব?’’ ঢাকাত জন্মলাভ কৰিলেও নিঃসন্দেহে বিষ্ণু প্ৰসাদ ৰাভা খিলঞ্জীয়া বুলি মন্তব্য কৰি বিধায়ক ইছলামে কৈছিল, ‘‘ তেতিয়া ঢাকা অসমৰ ৰাজধানী আছিল ৷ যিহেতু একেখন ৰাজ্য আছিল, সেয়েহে তেওঁ খিলঞ্জীয়া ৷’’

যেনেকৈ বিষ্ণু ৰাভা খিলঞ্জীয়া, সেইদৰে মিঞাসকলো খিলঞ্জীয়া বুলি মন্তব্য কৰিছিল ধিঙৰ বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক:অতুল বৰাই নহয় মুখ্যমন্ত্ৰী শৰ্মাইহে অগপৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে: অজিত কুমাৰ ভূঞা

ABOUT THE AUTHOR

...view details