গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: নিকা আৰু স্বচ্ছ নিযুক্তিৰ বচন আওৰোৱা বিজেপি চৰকাৰৰ দিনত এটাৰ পিচত আনটো নিযুক্তি পৰীক্ষাৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ অভিযোগ গাপ দি চৰকাৰখনে ৰেকৰ্ড কৰিছে ৷ এই মন্তব্য Fight against injustice of APSC ৰ Admin মানস প্ৰতীম বৰুৱাৰ ।
দেওবাৰে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে যিদৰে বিজেপি নেত্ৰীৰ আত্মহত্যাৰ লগে লগে উন্মোচিত হোৱা ভয়ংকৰ নিযুক্তি কেলেংকাৰি গাপ দিবলৈ সমর্থ হ’ল, জালুকবাৰীৰ 50 বছৰীয়া বৃদ্ধৰ নিযুক্তিৰ অভিযোগ গাপ দিলে, সেইদৰে 2020 চনৰ অসামৰিক সেৱা পৰীক্ষাৰ EWS নিযুক্তি কেলেংকাৰি গাপ দিলে ৷
ইয়াৰোপৰি মানস প্ৰতীম বৰুৱাই কয় যে পালৰ আমোলত ঠগ প্ৰৱঞ্চনাৰে বাচনিভুক্ত বিষয়াক এখন ন্যায়িক তদন্ত আয়োগে অভিযুক্ত কৰাৰ পিচতো পদোন্নতি দি গাপ দিয়াৰ চেষ্টা কৰিলে, সেইদৰেই এই বছৰো বেংকৰ জালিয়াতিৰ গোচৰত বৰ্খাস্ত হোৱাৰ লগতে এপিএচচি কাৰ্যালয়ৰ জনৈক পাটোৱাৰী উপাধিৰ কৰ্মচাৰীৰে মিলি চাকৰিৰ বজাৰ চলাই থকাৰ অভিযোগ থকা প্ৰিয়ংকা বৰুৱাই অসামৰিক সেৱালৈ বাচনিভুক্ত হোৱা সন্দৰ্ভত উন্মোচিত হোৱা কেলেংকাৰিৰ তথ্যও গাপ দিবলৈ সমর্থ হ’ল ।
শেহতীয়াকৈ প্ৰিয়ংকা বৰুৱাক অসম চৰকাৰে নিযুক্তিপত্ৰ প্ৰদান কৰা নাই বুলি মন্তব্য কৰে মানস প্ৰতীম বৰুৱাই । প্ৰিয়ংকা বৰুৱাই একমাত্ৰ বক্ৰপথেৰে বাচনিভুক্ত বিষয়া নেকি বুলি তেওঁ প্ৰশ্ন কৰে ৷ ইয়াৰোপৰি তেওঁ কয় যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে 2016-17 চনৰ পৰা অসম লোকসেৱা আয়োগে প্ৰাৰ্থীসকলক নিজৰ উত্তৰবহীখনো প্ৰদান কৰা নাই ।
আনকি পৰীক্ষাৰ ফলাফল ওলোৱাৰ প্ৰায় এমাহৰ পিচত প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ প্ৰদান কৰিলে যদিও আজিলৈকে কাট অফ নম্বৰ প্ৰকাশ নকৰিলে । যিজন মুখ্যমন্ত্ৰীযে এসময়ত আয়োগৰ সংস্কাৰ আৰু স্বচ্ছতাক লৈ প্ৰবন্ধ লিখিছিল, সেইজন মুখ্যমন্ত্ৰীৰ দিনতেই অসম লোকসেৱা আয়োগে তথ্য জনাৰ অধিকাৰ আইনক বাৰে বাৰে ভেঙুচালি কৰিছে বুলি অভিযোগ তুলিছে Fight against injustice of APSC ৰ Admin মানস প্ৰতীম বৰুৱাই ।