অসম

assam

এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক - STF apprehended Sumi Borah

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:24 AM IST

Sumi Borah arrested: জালত পৰিল চুমী বৰা আৰু তাৰ্কিক বৰা ৷ নিশা এছ টি এফে আটক কৰে দুয়োকে ৷ বৰ্তমান দুয়োকে কোনো অজ্ঞাত স্থানত ৰখা বুলি জানিব পৰা গৈছে ৷ আজি দুয়োকে জেৰা চলোৱাৰ সম্ভাৱনা ৷

Sumi Borah arrested
জালত পৰিল চুমী বৰা আৰু তাৰ্কিক বৰা (ETV Bharat)

ডিব্ৰুগড়, 12 ছেপ্টেম্বৰ:অনলাইন ট্ৰেডিঙৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা পিচতে বিগত ১০ দিনে আত্মগোপন কৰি থকা চুমী বৰাক স্বামীসহ অৱশেষত আটক কৰিলে অসম আৰক্ষীৰ এছ টি এফে । বুধবাৰে সামাজিক মাধ্যমত অজ্ঞাত স্থানৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি আত্মসমৰ্পণ কৰিব বুলি জনোৱাৰ পাচতে গুৱাহাটী আৰু ডিব্ৰুগড় আৰক্ষীৰ লগতে সংবাদ মাধ্যমৰ তৎপৰতা বৃদ্ধি পাইছিল ।

জানিব পৰা মতে ইতিমধ্য অসম আৰক্ষীৰ এছ টি এফে আটক কৰিছে চুমী বৰাৰ লগতে তেওঁৰ স্বামী তাৰ্কিক বৰাক ৷ নিশা ডিব্ৰুগড়লৈ আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত আদবাটতেই খাপ লৈ থকা এছ টি এফৰ দলে দুয়োকে বাহনসহ আটক কৰা বুলি তথ্য পোৱা গৈছে ৷

ডিব্ৰুগড় সদৰ থানাত চুমী বৰাই আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলাত ওৰে নিশা সাংবাদ মাধ্যমৰ লোক ডিব্ৰুগড় সদৰ থানাত উপস্থিত আছিল ৷ কিন্তু নিশা সদৰ থানালৈ নাহিল চুমী বৰা আৰু তাৰ্কিক বৰা । বৃহস্পতিবাৰে পুৱাই STF ৰ দলে ডিব্ৰুগড়ৰ থানালৈ লৈ আহে তেওঁলোকৰ পৰা উদ্ধাৰ কৰা কেতবোৰ সামগ্ৰী ৷ এছ টি এফে দুয়োকে কোনো অজ্ঞাত স্থানত ৰখা বুলি জানিব পৰা গৈছে ।

তেওঁলোকক আটক কৰাৰ পাছতে আৰক্ষী বিভাগৰ এজন উচ্চ পদস্থ বিষয়া ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈছেহি । লগত যাৱতীয় নথি-পত্ৰ, সা-সামগ্ৰীসমূহ লৈ অহা হৈছে । সেই সামগ্ৰী সমূহ চুমী আৰু তাৰ্কিকৰ সামগ্ৰী বুলি জানিব পৰা গৈছে । ডিব্ৰুগড় সদৰ থানালৈ আজি দুয়োকে আনি জেৰা চলোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, এছ টি এফে চুমী বৰা আৰু তাৰ্কিক বৰাক আটক কৰাৰ পাছতে আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কাৰো নাম উল্লেখ নকৰাকৈ কয়, “The game is up for them. Compliments to the Team STF. তেওঁলোকৰ বাবে খেল শেষ । অভিনন্দন Team STF.” ।

উল্লেখযোগ্য যে, কোটি কোটি টকা অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰা ২২ বছৰীয়া বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ আলহী কৰিলে । কিন্তু বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ মূল সহযোগী হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰা আৰু চুমী বৰাৰ ফটোগ্ৰাফাৰ স্বামীক বিচাৰি হাবাথুৰি খাইছিল ডিব্ৰুগড় আৰক্ষীয়ে । চুমী আৰু তাৰ্কিকক বিচাৰি আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বহু কেইখন বহিঃ ৰাজ্যতো অভিযান চলাইছিল । অৱশেষত নিজেই আৰক্ষীৰ হাতত ধৰা দিবলৈ ওলাই আহিল চুমী বৰাৰ লগতে তেওঁৰ স্বামী ৷

লগতে পঢ়ক:বহুত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ ওলাইছো: চুমী বৰা - Sumi Borah Ready to Surrender

একেবাৰে সাধাৰণ এজনী ছোৱালী আছিল চুমী ! শিক্ষাগুৰুৰ দৃষ্টিত বিতৰ্কিত চুমী বৰা - Sumi Borah

ABOUT THE AUTHOR

...view details