কোকৰাঝাৰ, ৩১ মাৰ্চ:আজি ৩১ মাৰ্চ ৷ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৮ সংখ্যক জন্ম দিৱস ৷ বডোফাৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি ৰবিবাৰে এবছুৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ দোতমাৰ থুলুংগাপুৰিস্থিত বডোফাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ছাত্ৰ দিৱস উদযাপন কৰা হয় ৷ পতাকা উত্তোলনেৰে ছাত্ৰ দিৱসৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । ইয়াৰ পিছতে বডোফাৰ সমাধি আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয় ৷
আনহাতে, আজি ছাত্ৰ দিৱস উদযাপনথলীৰ পৰাই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ ভাৰতৰত্ন বঁটা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷ ৰাষ্ট্ৰ নিৰ্মানৰ্থে পিছপৰা জনগোষ্ঠীক আগুৱাই নিয়াত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদান আছে বুলি উল্লেখ কৰি বডোফাৰ জন্মদিনক ছাত্ৰ দিৱস হিচাপে স্বীকৃতি দিয়াত মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োই । জাতি, সমাজ, শিক্ষাৰ দিশত বডোফাৰ যি আধাৰুৱা সপোন ইয়াক আগুৱাই লৈ যাবলৈ এবছু সংকল্পৱদ্ধ বুলি মন্তব্য কৰে এবছুৰ সভাপতিগৰাকীয়ে ।
আনপিনে, বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যৱাহী, বিপিএফৰ উপ-সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়েও বডোফাৰ কৰ্মৰাজিক সন্মান জনাই ভাৰতৰত্ন বঁটা প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতিনিধিলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷