অসম

assam

ETV Bharat / state

পথাৰত লহিয়াইছে কণীধান, ৰাজপথৰ আন্দোলন এৰি কৃষি বিপ্লৱৰ সূচনা আছু নেতাৰ - INSPIRATIONAL STORY - INSPIRATIONAL STORY

ASSU worker cultivation story : ৰাজপথৰ আন্দোলন এৰি কৃষি বিপ্লৱৰ সূচনা আছু নেতাৰ ৷ Foxtail মিলেট খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কেবাগৰাকী যুৱকে ৷

AASU WORKER FOXTAIL MILET CULTIVATION IN DHEMAJI
পথাৰত লহিয়াইছে কণীধান, ৰাজপথৰ আন্দোলন এৰি কৃষি বিপ্লৱৰ সূচনা আছু নেতাৰ (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 8:38 AM IST

ধেমাজি, 3 জুন : সম্প্ৰতি দেশৰ বজাৰত চাহিদা বৃদ্ধি হৈছে ফ’ক্সটেইল মিলেট তথা কণীধান ৷ ফ’ক্সটেইল মিলেটক অসমীয়া কণীধান বুলি কোৱা হয় ৷ সাধাৰণতে আমাৰ গাঁওখনত কণীধানৰ খেতি কৰা আমি পূৰ্বতেও দেখিছো ৷ কিন্তু বৰ্তমান সময়ত সকলোৱে নিজ নিজ স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সতৰ্কতা অৱলম্বন কৰিছে ৷

পথাৰত লহিয়াইছে কণীধান, ৰাজপথৰ আন্দোলন এৰি কৃষি বিপ্লৱৰ সূচনা আছু নেতাৰ (ETV BHARAT ASSAM)

সুস্বাস্থ্যৰ বাবে কণীধান হৈছে এক অন্যতম উপাদান ৷ শেহতীয়া এক সমীক্ষাত কণীধানৰ গুণাগুণৰ ওলোৱাৰ পিচতেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কণীধানৰ খেতিয়ে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে ৷

এইবাৰ ধেমাজি জিলাত ৰাজপথৰ আন্দোলন এৰি পথাৰত কৃষি বিপ্লৱৰ সূচনা কৰিছে সক্ৰিয় আৰু প্ৰাক্তন আছু নেতাই ৷ কণীধানৰ খেতিৰে উপাৰ্জন কৰাই নহয় বহুতো লোকৰ বাবেও স্বাৱলম্বিতাৰ নিদৰ্শন হৈ পৰিছে এইকেইগৰাকী যুৱক ৷

জুন মাহৰ উৎকট গৰম আৰু বৰষুণৰ মাজতে এনেদৰে পথাৰত জাক জাক পুৰুষ-মহিলা দাৱনীয়ে কাটিছে কণীধান ৷ পথাৰতেই টিৰ্পাল পাৰি শুকুৱাইছে ধান ৷ যুৱ কৃষক তথা প্ৰাক্তন ধেমাজিৰ আছু নেতা ৰকি সোণোৱাল, সক্ৰিয় আছু কৰ্মী ৰবি কছাৰীৰ লগতে অঞ্চলটোৰ উদ্যমী যুৱ কৃষক ক্ৰমে ৰূপজ্যোতি বৰুৱা, উত্তম দাস বাঘ্ৰী, ৰবীন্দ্ৰ সোণোৱাল, তৰুণ বিকাশ গগৈ, দুলেশ্বৰ সোণোৱালে ব্যস্ত হৈ পৰিছে জেঠ মহীয়া পথাৰত ৷

তেওঁলোকে জানিবলৈ দিয়া মতে, শালি খেতিৰ পিছতে অসমৰ বহু খেতিয়কৰ পথাৰ উদং হৈ পৰি থাকে ৷ সেয়ে এনে পৰি থকা ভূমিত এনেধৰণৰ খেতি কৰি সমাপ্তিৰ অন্তত পুনৰ শালি খেতি কৰিব পৰা যায়। এই কণীান খেতিৰ আছে এখন বিশেষ বজাৰ ৷ দেহৰ বাবে প্ৰয়োজনীয় ভিটিমিন, প্ৰ’টিন গুণেৰে সমৃদ্ধ এই কণী ধানৰ খেতি কৰি লাভান্বিত হোৱাৰ সম্ভাৱনা আছে ৷

তেওঁলোকে প্ৰথমবাৰ 30 বিঘা মাটিত পৰীক্ষামূলকভাৱে এই কণীধানৰ খেতি কৰি আশানুৰূপভাৱে উৎপাদন দেখি উৎফুল্লিত হৈ পৰিছে যুৱকৰ দলটো ৷ ইপিনে এই খেতিত ৰাসায়নিক সাৰৰ বিপৰীতে তেওঁলোকে প্ৰয়োগ কৰিছে গোৱৰ সাৰ ৷ তিনিচুকীয়া কাকপথাৰ পৰা 400 টকা দৰত 48 কেজি সঁচ আনি ৰোপন কৰিছিল ।

ৰজাঘৰীয়াৰ সহযোগিতা অবিহনেই প্ৰত্যেকে নিজৰ গাঁথিৰ ধন ভাঙি খেতিত মনোনিৱেশ কৰিছে ৷ সেয়ে এইবছৰ উৎপাদিত ধান কেৱল কঠীয়াৰ বাবে সঞ্চয় কৰি অহা বৰ্ষত এশ ডেৰশ বিঘা মাটিত কৃষি বিপ্লৱৰ পৰিকল্পনা কৰিছে যুৱকৰ দলটোৱে ৷

ইপিনে অসমীয়া উঠি অহা শিক্ষিত যুৱকসকলক চৰকাৰী চাকৰিমুখী হোৱাতকৈ অথবা বহিঃৰাজ্যত কাম কৰাতকৈ নিজৰ ঠাইতে থাকি কাম কৰিলে নিজৰ লগতে স্থানীয় দহজন নিবনুৱাই সংস্থাপিত হ’ব পাৰিব বুলি যুৱকৰ দলটোৱে কয় ৷ কেৱল মুখতে শ্ল’গান দি থাকিলে পথাৰ আৰু বজাৰ চকুৰ সন্মুখতে আনে দখল কৰিব ৷ গতিকে পৰি থকা মাটিত বছেৰেকত দুটা খেতি কৰি সকলোকে স্বাৱলম্বী হ’বলৈ আহ্বান জনায় যুৱককেইজনে ৷

লগতে পঢ়ক:পেট্ৰ’লৰ পৰিৱৰ্তে পানী দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Lahowal petrol depo

ABOUT THE AUTHOR

...view details