অসম

assam

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:47 PM IST

ETV Bharat / state

যোৰহাটত চিত্ৰকলাৰ মহীৰূহ নীলপৱন বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী - Art exhibition of Nilpawan Baruah

Art exhibition of Nilpawan Baruah: যোৰহাটত অনুষ্ঠিত নীলপৱন বৰুৱাৰ চিত্ৰ প্ৰদৰ্শনী । প্ৰয়াত বৰুৱাৰ সৃষ্টিৰাজিক সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যৰে যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় এই প্ৰদৰ্শনীখনি । যোৰহাটৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ কলা ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই প্ৰদৰ্শনী ।

A solo art exhibition of  Nilpawan Baruah held in Jorhat
নীলপৱন বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী (ETV Bharat Assam)

যোৰহাট,২৩ আগষ্ট:এক নিজস্ব শৈলীৰ চিত্ৰশিল্পৰ জৰিয়তে শত-সহস্ৰজনৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা ৰাজ্য তথা দেশৰ যশস্বী চিত্ৰশিল্পী প্ৰয়াত নীলপৱন বৰুৱাৰ অবৰ্তমানত আজিৰে পৰা যোৰহাটৰ যোৰহাট ফাইন আৰ্ট ছ'চাইটিৰ কলা ভৱনত অনুষ্ঠিত হৈছে চিত্ৰশিল্পীগৰাকীৰ এক একক চিত্ৰ প্ৰদৰ্শনী । অসম চাৰুকলা পৰিষদৰ উদ্যোগত আৰম্ভ হোৱা শিল্পীগৰাকীৰ অনন্য সৃষ্টিৰাজিৰ একক চিত্ৰ প্ৰদৰ্শনী শুকুৰবাৰৰ পৰা তিনিদিন ধৰি কলা ভৱনত অনুষ্ঠিত হ'ব ।

নীলপৱন বৰুৱাৰ একক চিত্ৰ প্ৰদৰ্শনী (ETV Bharat Assam)

শুকুৰবাৰে বিয়লি তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই চিত্ৰ প্ৰদৰ্শনীৰ বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে বিশিষ্ট ভাস্কৰ্য শিল্পী চালেহা আহমেদ, বিশিষ্ট চিত্ৰশিল্পী ভৃগুপতি হাজৰিকা, বিশিষ্ট চিত্ৰশিল্পী পৰেশ শইকীয়া, শিল্পী মধুসুদন দাস প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে । উক্ত অনুষ্ঠানত উপস্থিত থাকি অসম চাৰুকলা পৰিষদৰ সাধাৰণ সম্পাদক সুভাকৰ লস্কৰে সাংবাদিকৰ আগত কয়,"অসম চাৰুকলা পৰিষদৰ প্ৰতিষ্ঠাপক আছিল প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱা । যোৰহাটত তেখেতৰ এইখন প্ৰথম প্ৰদৰ্শনী । এই প্ৰদৰ্শনীত তেখেতৰ ৩৩ খন ছবি প্ৰদৰ্শিত হ'ব । যোৰহাটবাসী চিত্ৰপ্ৰেমী ৰাইজে আমাক সঁহাৰি জনাব বুলি আমি আশাবাদী । প্ৰখ্যাত শিল্পীগৰাকীৰ অবৰ্তমানত গুৱাহাটীত এখন প্ৰদৰ্শনী হৈছিল আৰু তাৰ পাছত এইবাৰ যোৰহাটত আয়োজন কৰা হৈছে ।"

লগতে তেওঁ কয়,"ইয়াৰ সমান্তৰালভাবে যোৰহাটত এক প্ৰশিক্ষণো অনুষ্ঠিত হৈ আছে । ইয়াত যোৰহাট, গোলাঘাট, শিৱসাগৰৰ প্ৰশিক্ষকসকলৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে । এই প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানতে প্ৰয়াত নীলপৱন বৰুৱা আৰু জ্ঞানপীঠ বঁটাপ্ৰাপক নীলমণি ফুকনৰ নামত দুটা বঁটাও প্ৰদান কৰা হ'ব । আজিৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত হোৱা প্ৰায় আঠখনমান ছবি ৰাজ্যৰ বাহিৰতো প্ৰদৰ্শিত হৈছে । যিসমূহে যথেষ্ট সমাদৰ লাভ কৰিছে ।"

আনহাতে আজিৰ অনুষ্ঠানত উপস্থিত থাকি অসম চাৰুকলা পৰিষদৰ শিৱ প্ৰসাদ মাৰাৰে কয়,"নীলপৱন বৰুৱাদেৱে ১৯৭১ চনতে স্থাপন কৰা অসম চাৰুকলা অনুষ্ঠান এক অসমৰ বৃহৎ অনুষ্ঠান । সেই সময়তে সমগ্ৰ অসমত তেওঁ চিত্ৰশিল্পৰ জোৱাৰ আনিবলৈ চেষ্টা কৰিছিল । অসমৰ মানুহে শিল্পীগৰাকীক শিল্পী হিচাপে জানে । কিন্তু, তেওঁৰ শিল্পকৰ্মৰ বিষয়ে নাজানে আৰু সেই বাবে আমি প্ৰয়াস কৰিছো যাতে তেওঁৰ সৃষ্টিৰাজি উঠি অহা প্ৰজন্মই জানক আৰু তাক অনুধাৱন কৰক ।

লগতে পঢ়ক:চন্দ্ৰ হ’ব পাৰে পৃথিৱীৰ বাহিৰৰ নতুন বসতিস্থল : ইছৰোৰ বিজ্ঞানী - National Space Day 2024

সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতক যি প্ৰযুক্তিৰ প্ৰয়োজন ইয়াত চীনৰ কোনো অৱদান নাই : সুজান আৰ চিনয় - Sujan R Chinoy

ABOUT THE AUTHOR

...view details