অসম

assam

ETV Bharat / state

গুৱাহাটী এপলোত চিকিৎসাধীন জি বি এছত ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী - GUILLAIN BARRE SYNDROME

শুকুৰবাৰে গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত জি বি এছত আক্ৰান্ত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত এইবাৰ এপলো হাস্পতালত আন এগৰাকী কিশোৰীৰ শৰীৰত ধৰা পৰিছে এই ৰোগ ।

GUILLAIN BARRE SYNDROME
গুৱাহাটী এপলোত চিকিৎসাধীন জি বি এছত ৰোগত আক্ৰান্ত এগৰাকী কিশোৰী (IANS)

By ETV Bharat Assamese Team

Published : Feb 3, 2025, 8:51 PM IST

গুৱাহাটী:গুৱাহাটীত আকৌ এগৰাকী শেহতীয়াকৈ দেশজুৰি আতংকৰ সৃষ্টি কৰা সংক্ৰামক ৰোগ গুইলেইন-বেৰে চিণ্ড্ৰ'ম (জি বি এছ)ত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত থকা এপলো হাস্পতালত চিকিৎসাধীন‌ হৈ আছে । এই ৰোগত আক্ৰান্ত ‌হোৱা ৰোগীগৰাকী কিশোৰী (১৭) । হাস্পতালৰ কৰ্তৃপক্ষই জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিমতে, বৰ্তমান কিশোৰীগৰাকী হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ।

হাস্পতাল কৰ্তৃপক্ষই জনোৱা‌ মতে, যোৱা ১৯ জানুৱাৰীত কিশোৰীগৰাকী হাস্পতালত ভৰ্তি হৈছিল । কিশোৰীগৰাকী পেশীত দুৰ্বলতা অনুভৱ কৰি আছিল আৰু কথা ক'বলৈ অসুবিধা পাই আছিল । পিছত চিকিৎসকে প্ৰয়োজনীয় সকলো‌ পৰীক্ষা‌ কৰাৰ‌ অন্তত কিশোৰীগৰাকীৰ শৰীৰত জি বি এছ ৰোগ চিনাক্ত হয় । কিশোৰীগৰাকী লগে লগে আই চি ইউত ভৰ্তি কৰাৰ লগতে ভেন্টিলেটৰ পৰ্যন্ত দিবলগীয়া হয় ।‌ বৰ্তমান কিশোৰীগৰাকী পূৰ্বতকৈ সুস্থ হৈ উঠিছে যদিও চিকিৎসকে আই চি ইউত কিশোৰীগৰাকীক নিৰীক্ষণত ৰাখিছে ।‌

উল্লেখ্য যে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুমুখত পৰিছে আফিয়া নামৰ এগৰাকী ১৭ বছৰীয়া কিশোৰী । আফিয়া আছিল গুৱাহাটী মহানগৰীৰ পাথৰ কুৱেৰীৰ বাসিন্দা । যোৱা ২১ জানুৱাৰীৰ পৰা কিশোৰীগৰাকী চিকিৎসাধীন হৈ আছিল মহানগৰীৰ প্ৰতীক্ষা হাস্পতালত । এই হাস্পতালত চিকিৎসাধীন অৱস্থাত শুকুৰবাৰে নিশা ৯:৩০ বজাত মৃত্যুমুখত পৰে কিশোৰীগৰাকী ।

চিকিৎসকে জনোৱা অনুসৰি, জি বি এছ ভাইৰাজনিত স্নায়ৱি বিসংগতি জনিত ৰোগ । এই ৰোগৰ লক্ষণ হৈছে জ্বৰ, কাহ, চৰ্দি, বিষ আদি । জ্বৰ, কাহ, চৰ্দি, বিষ হৈ ভৰি জিনজিনায় । অৱস অৱস অনুভৱ হয় । ভৰিৰ পৰা ওপৰলৈ পেৰালাইচিচ হৈ আহি থাকে । হাওঁফাওঁৰ ওচৰত থকা পেশীত প্ৰভাৱ বিস্তাৰ কৰিলে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সৃষ্টি হয় । এইবোৰ লক্ষণ দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে । মাজে মাজে এই ৰোগত আক্ৰান্ত ৰোগী পোৱা যায় । সময়মতে চিকিৎসা কৰিলে ৰোগী সুস্থ হয় । বিশেষ ভয়ৰ কাৰণ নাই কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগে ।

লগতে পঢ়ক:সাৱধান নহ'লেই বিপদ ! জি বি এছ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত কিশোৰীৰ মৃত্য়ু

ABOUT THE AUTHOR

...view details