হায়দৰাবাদ: ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাতা টাটা মটৰ্ছে গুৱাহাটীত মুকলি কৰে পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং ফেচিলিটি (আৰ ভি এছ এফ)। ‘Re.Wi.Re – Recycle with Respect’ নামেৰে নামাকৰণ কৰা এই অত্যাধুনিক সুবিধাটোৱে বহনক্ষম আৰু পৰিৱেশ সচেতন প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বছৰি 15,000 খনলৈকে বাহন ভাঙি পেলাব পাৰিব । এই আৰভিএছএফটো টাটা মটৰ্ছৰ অংশীদাৰ এক্সম প্লেটিনাম স্ক্ৰেপাৰছৰ দ্বাৰা পৰিচালিত আৰু সকলো ব্ৰেণ্ডৰ যাত্ৰী আৰু বাণিজ্যিক বাহন উভয়কে স্ক্ৰেপ কৰিবলৈ সজ্জিত । ইয়াৰ জৰিয়তে দেশৰ ভিতৰতে সপ্তমটো এনে সুবিধা উদ্বোধন কৰা হৈছে আৰু আন আন সুবিধাসমূহ জয়পুৰ, ভুৱনেশ্বৰ, চুৰাট, চণ্ডীগড়, দিল্লী এন চি আৰ অঞ্চল আৰু পুনেত উপলব্ধ ।
এই উদ্বোধন অনুষ্ঠানটোত উপস্থিত আছিল মন্ত্ৰী যোগেন মহন, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল, টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক শ্ৰীযুত গিৰীশ ৱাঘ আৰু এক্সম অটোম’বাইলছৰ সঞ্চালক ডাঃ সঞ্জীৱ নাৰায়ণৰ লগতে অসম চৰকাৰ, টাটা মটৰ্ছ আৰু এক্সম অটোম’বাইলছৰ আন আন জ্যেষ্ঠ বিষয়াসকল ।
![tata-motors-inaugurates-cutting-edge-registered-vehicle-scrapping-facility-in-guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-02-2025/23511014_hybgyhi.jpeg)
উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী যোগেন মোহনে কয়, “ইয়ে উন্নত বাহন পুনঃব্যৱহাৰৰ সুবিধা আৰম্ভ কৰিলে ৷ যাৰ জৰিয়তে উপযুক্ত নিয়োগৰ সুযোগ সৃষ্টি হ’ব আৰু আমাৰ ৰাজ্য আৰু জনজাতিৰ অৰ্থনৈতিক বিকাশত সহায়ক হ’ব । ইয়াৰ উপৰিও ই ম্যাদ উকলা বাহনসমূহৰ নিৰাপদ নিষ্কাশন নিশ্চিত কৰিব ৷ লগতে কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব আৰু পৰিষ্কাৰ পৰিৱেশ সৃষ্টিত অৰিহণা যোগাব । অসমত ষ্টাৰ্ট স্মাৰ্ট সুবিধাৰ আৰম্ভণিৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰাৰ বাবে টাটা মটৰছক ধন্যবাদ জনাইছো ।”
উদ্বোধনী অনুষ্ঠানত ভাষণ দি মন্ত্ৰী অশোক সিংহলে কয়, “গুৱাহাটীত টাটা মটৰ্ছৰ Re.Wi.Re সুবিধা উদ্বোধন কৰাটো স্বচ্ছ, সেউজ অসমৰ দিশত এক প্ৰধান পদক্ষেপ । এই আধুনিক সুবিধাই অসমৰ পৰিৱেশ আৰু জনসাধাৰণ উভয়কে উপকৃত কৰাৰ লগতে এক বহনক্ষম যান-বাহন নিষ্কাশন পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব ।”
![tata-motors-inaugurates-cutting-edge-registered-vehicle-scrapping-facility-in-guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-02-2025/23511014_jk.jpeg)
উল্লেখ কৰা প্ৰয়োজন যে প্ৰতিটো Re.Wi.Re সুবিধা সম্পূৰ্ণৰূপে ডিজিটেলাইজড, ইয়াৰ সকলো কাৰ্যকলাপ ধাৰাবাহিক তথা পেপাৰলেচ । বাণিজ্যিক আৰু যাত্ৰীবাহী বাহন উভয়ৰে বাবে চেল-টাইপ আৰু লাইন-টাইপ ডিছমেণ্টেলিঙৰ সৈতে সজ্জিত, টায়াৰ, বেটাৰী, ইন্ধন, তেল, তৰল পদাৰ্থ আৰু গেছকে ধৰি বিভিন্ন উপাদানসমূহ নিৰাপদে ভাঙি পেলোৱাৰ বাবে নিৰ্দিষ্ট ষ্টেচন আছে । প্ৰতিখন বাহনে যাত্ৰী আৰু বাণিজ্যিক বাহনৰ দায়িত্বশীল স্ক্ৰেপিং প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিশেষভাৱে ডিজাইন কৰা এক নিখুঁত নথিপত্ৰ আৰু ভাঙি পেলোৱা প্ৰক্ৰিয়াৰ অধীনত থাকে, যাৰ ফলত দেশৰ বাহন স্ক্ৰেপিং নীতি অনুসৰি সকলো উপাদানৰ নিৰাপদ নিষ্কাশনৰ নিশ্চয়তা দিয়া হয় ।
লগতে পঢ়ক