ডিব্ৰুগড় : অসমবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে । মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাৰ সৈতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত থকা অসমীয়াৰ লগতে অসমৰ প্ৰতিজন অসমীয়া আনন্দিত হৈ পৰে । ইয়াৰ পাছতে এক ভাল খবৰ আহিছে অসমবাসীৰ বাবে । অসমীয়া ভাষাৰ ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰি নিৰ্মাণ কৰা হ'ব এখন বলীউডৰ ছবি । ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ডিব্ৰুগড়ত বাহৰ পাতিছে বলীউডৰ ছুপাৰহিট ছবি O MY GOD 2 ৰ পৰিচালক অমিত ৰায়ৰ নেতৃত্বত এটা দল ।
অসমৰ কেইবাটাও স্থানৰ লগতে ডিব্ৰুগড়ত ছবিখনৰ দৃশ্যগ্ৰহণৰ পৰিকল্পনা কৰিছে দলটোৱে । ছবিখনৰ নাম ৰাজহুৱা নকৰিলেও ছবিখনৰ অভিনয় প্ৰশিক্ষণ আৰু দৃশ্যগ্ৰহণৰ বাবে সাজু হৈছে পৰিচালক অমিত ৰায় । ৮০% ডিব্ৰুগড়ৰ কলা-কুশলীক লৈ নিৰ্মাণ হ'ব এই হিন্দী-অসমীয়া ছবিখন । বলীউডৰ কেইবাখনো ছবিৰ লগত জড়িত কলা-কুশলীক লৈ ডিব্ৰুগড়ত বাহৰ পতা দলটোৱে দেওবাৰে ডিব্ৰুগড়ৰ "আখৰা ঘৰ"ত ছবি পৰিচালক অমিত ৰায়ৰ উপস্থিতিত মাংগলিক পৰ্বৰ মাজেৰে আৰম্ভ কৰে প্ৰশিক্ষণৰ কাম ।
উল্লেখ্য যে ডিব্ৰুগড়ৰ অতি পুৰণি নাট্য প্ৰশিক্ষণ কেন্দ্র "আখৰা ঘৰ"ৰ ভালেমান নাট্যকৰ্মীয়েও ভুমুকি মাৰিব বলীউডৰ বোলছবিখনত । বলীউডৰ কোন কোন অভিনেতা-অভিনেত্ৰী এই ছবিখনত থাকিব সেই কথা জানিব পৰা হোৱা নাই যদিও আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে । পৰিচালক অমিত ৰায়ে কয়- "অসমীয়া ভাষাক প্ৰাধান্য দি নিৰ্মাণ কৰা হ'ব ছবিখন । দৃশ্যগ্ৰহণৰ বাবে ইতিমধ্যে সাজু কৰি লোৱা হৈছে বিভিন্ন স্থান ।
15 ফেব্ৰুৱাৰীৰ পৰা এটা মাহ ডিব্ৰুগড়ত বোলছবিখনৰ দৃশ্যগ্ৰহণ কৰাৰ লগতে বিহাৰতো হ'ব দৃশ্যগ্ৰহণৰ কাম । গুৱাহাটী আৰু উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়ৰ বহু কলা-কুশলীক লৈ ছবিখন নিৰ্মাণ কৰা হ’ব । থলুৱা ভাষা আৰু থলুৱা শিল্পীৰ ব্যৱহাৰ এই কাৰণেই কৰা হৈছে যাতে ছবিখনৰ সৈতে দৰ্শক একাত্ম হ’ব পাৰে ৷"
বলীউডৰ ছবি এখনত অসমীয়া ভাষাই স্থান লাভ কৰিবলৈ সক্ষম হোৱা খবৰে উৎফুল্লিত কৰি তুলিছে সকলোকে । বলীউডত ভাষাক লৈ যি এক সীমা আছিল তাক এই ছবিখনে ভংগ কৰিব ৷ পৰিচালক অমিত ৰায়ে আৰু কয়, "অসমৰ লগতে ডিব্ৰুগড়খন প্ৰতিভাৰে ভৰি আছে । এইবাৰ এক আচৰিত কাম হ'বলৈ গৈ আছে । বলীউডত ভাষাক লৈ যি এক সীমা আছিল তাক ভংগ কৰিব এই ছবিখনে । এইবাৰ অসমত নিৰ্মাণ হ'বলগীয়া ছবিখনত অসমীয়া ভাষা ব্যৱহাৰ কৰা হ'ব । অসমৰ সৌন্দৰ্যই সদায় আকৰ্ষণ কৰি আহিছে । ছবিখনৰ কাহিনীটো মানৱীয়তা আৰু প্ৰকৃতিক লৈ, সেয়ে লোকেশ্যনৰ বাবে উত্তৰ-পূৰ্বাঞ্চল নিৰ্বাচন কৰা হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু অসমৰ চাহ বাগিচাৰ সৌন্দৰ্য প্ৰতিফলিত হ'ব ছবিখনত । আজি কৰ্মশালা আৰম্ভ হৈছে, অহা ১৫ ফেব্ৰুৱাৰীত দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হ'ব । ডিব্ৰুগড়ৰ আশে পাশে যিমান ভাল ঠাই আছে সকলোতে দৃশ্য গ্ৰহণৰ চেষ্টা কৰা হ'ব । ছবিখনত অভিনয় কৰিব লগা বেছিসংখ্যক অভিনেতা-অভিনেত্ৰী ডিব্ৰুগড়ৰ ৷"
অমিত ৰায়ৰ এই ছবিখনৰ লগত জড়িত হৈছে অসমৰ এগৰাকী বিশিষ্ট নাট্যকৰ্মী, অভিনেতা অসীম শৰ্মা । ছবিখনৰ প্ৰাৰম্ভিক কামকাজত সহযোগিতা আগবঢ়াই বিশিষ্ট নাট্যকৰ্মী, অভিনেতা অসীম শৰ্মাই কয়, "এই ছবিখনত অভিনয় কৰিবলগীয়া বেছিসংখ্যক অভিনেতা-অভিনেত্ৰী ডিব্ৰুগড়ৰ । ইয়াৰ উপৰিও গুৱাহাটীৰ কেইবাজনো অভিনেতাই অভিনয় কৰিব । পৰিচালক অমিত ৰায়ৰ নেতৃত্বত অহা দলটোৰ সৈতে কাম কৰি যথেষ্ট ভাল লাগিছে । ডিব্ৰুগড়ৰ দৰে এখন ঠাইৰ পৰিৱেশ ভাল পাই তেওঁলোকে ছবি নিৰ্মাণ কৰিবলৈ যে আহিছে সেইটো আমাৰ বাবে ভাল লগা কথা ।"
লগতে পঢ়ক : গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেলত মণিপুৰী ‘জোচেফচ চান’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা