গুৱাহাটী :ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি বসুন্ধৰা ৩.০ ৰ জৰিয়তে ভূমি পট্টা বিচাৰি আবেদন কৰাৰ নিৰ্ধাৰিত সময়সীমাৰ ১০ জানুৱাৰীত অন্ত পৰিল । বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ ৰ দৰে বসুন্ধৰা ৩.০ আঁচনিতো গুৱাহাটী মহানগৰীৰ হাজাৰ হাজাৰ লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'ল ।
অর্থাৎ বসুন্ধৰা ৩.০ আঁচনিয়েও মহানগৰীৰ ১৮ খন পাহাৰত বসবাস কৰা ভূমি পট্টাহীন ৮৫ হাজাৰ পৰিয়ালৰ অধিকাংশকে ভূমিৰ অধিকাৰ লাভৰ পৰা বঞ্চিত কৰিলে । এই অভিযোগ ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ ।
উল্লেখ্য যে, বসুন্ধৰা ৩.০ৰ সময়সীমা ৩১ ডিচেম্বৰত উকলি যোৱাৰ পাছত পুনৰ ১০ জানুৱাৰীলৈ সময়সীমা বৃদ্ধি কৰা হৈছিল । কিন্তু তাৰ পাছতো বহু লোকে আবেদন কৰিব নোৱাৰিলে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পট্টাহীন লোকৰ স্বৰ্থত বিগত দুটা দশক ধৰি ধাৰাবাহিকভাৱে সংগ্ৰাম কৰি অহা ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিয়ে ।
ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণজ্যোতি কলিতাই জানিবলৈ দিয়া অনুসৰি মিছন বসুন্ধৰা ৩.০ত গুৱাহাটী মহানগৰীৰ ৯০ শতাংশ লোকে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰিলে ।
ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, "এইবাৰৰ মিছন বসুন্ধৰাত আবেদনৰ বাবে যিসমূহ নথি পত্ৰ বিচৰা হৈছে, সেয়া বহু লোকৰ ওচৰত নাই । যাৰ ফলত বাৰম্বাৰ চেষ্টা কৰিও মহানগৰীৰ হাজাৰ হাজাৰ লোকে পট্টা বিচাৰি আবেদন কৰিব নোৱাৰিলে । বসুন্ধৰা ৩.০ ত মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা প্ৰায়ভাগ লোকে আবেদন কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।’’
‘‘বিশেষকৈ একচনীয়া পট্টাৰ কোনো গৰাকীয়ে এইবাৰ আবেদন কৰিবলৈ সক্ষম নহ'ল । তদুপৰি ৰায়তী মাটিৰ দখল ভোগ দখল কৰি থকা লোকেও আবেদন কৰাৰ কোনো 'অপচন' বিচাৰি নাপালে এইবাৰৰ বসুন্ধৰাত । ভূমি পট্টা প্ৰদানৰ নামত চৰকাৰে মহানগৰীৰ পট্টাহীন ৯০ শতাংশ লোকক প্ৰতাৰণা কৰিলে ।’’ তেওঁ কয় ৷