অসম

assam

ETV Bharat / state

কাছাৰত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু - SWINE FLU OUTBREAK - SWINE FLU OUTBREAK

SWINE FLU IN CACHAR: ছোৱাইন ফ্লুৱে আতংকৰ সৃষ্টি কৰিছে বৰাকত । এসপ্তাহৰ ভিতৰতে দুটিকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে ছোৱাইন ফ্লুত ।

SWINE FLU IN CACHAR
SWINE FLU OUTBREAK (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 8, 2024, 1:29 PM IST

শিলচৰ, ৮ মে': পুনৰ বৰাকত ছোৱাইন ফ্লুত প্ৰাণ হেৰুৱালে এটি শিশুৱে । হাইলাকান্দিৰ পিচত এইবাৰ কাছাৰত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ৪ মহীয়া শিশুৰ মৃত্যু । শিলচৰ মেডিকেল কলেজত মৃত্যু হোৱা কণমানি শিশুৰ নাম আৰমান হুছেইন লস্কৰ । মৃত শিশুটিৰ ঘৰ কাছাৰ জিলাৰ উত্তৰ কৃষ্ণপুৰত ৷ যোৱা ১২ এপ্ৰিল তাৰিখে ছোৱাইন ফ্লুত আক্ৰান্ত কণমানি শিশুটিক ভৰ্তি কৰোৱা হৈছিল শিলচৰ মেডিকেল কলেজত ।

যোৱা নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৪ মহীয়া কণমানি শিশুটিৰ । ইপিনে ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়াও শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে এজন । ছোৱাইন ফ্লুক লৈ আতংকিত নহৈ সতৰ্কতা অৱলম্বন কৰাৰ নিৰ্দেশ দিছে জিলা স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এতিয়ালৈকে বৰাকত দুটি শিশুৰ মৃত্যু হৈছে । যোৱা দুদিন পূৰ্বে হাইলাকান্দিত ফাৰহানা খানম নামৰ ডেৰ বছৰীয়া এটি শিশু কন্যাৰ মৃত্যু হৈছিল । তাৰ পিচতেই যোৱা নিশা কাছাৰত এটি চাৰি মহীয়া শিশু মৃত্যু হৈছে ।

ইয়াৰ পূৰ্বে ছোৱাইন ফ্লুক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি জনাইছিল শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তাই । তেওঁ কৈছিল যে সতৰ্কতা অৱলম্বন কৰিলেই এই ৰোগৰ পৰা ৰক্ষা পোৱা যায় । এই সময়চোৱাত মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে সামজিক দূৰত্ব বজায় ৰাখিলে এই ৰোগৰ পৰা হাত সাৰিব পৰা যায় । ক'ভিডৰ সময়ত গ্ৰহণ কৰা সজাগতা সমূহেই বৰ্তমানেও ব্যৱহাৰ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনাইছিল । কিন্তু দুটিকৈ শিশুৰ মৃত্যুৱে এতিয়া উপত্যকাটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:ছোৱাইন ফ্লুত আক্ৰান্ত শিশুৰ মৃত্যু; শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন পাঁচজন - Swine flu outbreak

কাছাৰত বজ্ৰপাতত দুজনৰ মৃত্যু - Lightning strikes

ABOUT THE AUTHOR

...view details