কোকৰাঝাৰ, ২৮ জানুৱাৰী :কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হয় তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ আজি দ্বিতীয় দিনা কোকৰাঝাৰ সাহিত্য মহোৎসৱত বহিঃৰাষ্ট্ৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি, সাহিত্যিক, লেখকৰ সমাগমৰে এক উখল মাখল হৈ পৰে বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷
উল্লেখ্য যে বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কোকৰাঝাৰ সাহিত্য মহোৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, কেনিয়া, বাংলাদেশসহ আঠখন বিদেশী ৰাষ্ট্ৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ১৮০ গৰাকী কবি-লেখকে অংশগ্ৰহণ কৰিছে ৷ আজি দুপৰীয়া জাপানৰ পৰা অহা বিশিষ্ট কবি , সাহিত্যিক, ঔপন্যাসিক টাইঅ’ ফুজিৰ সৈতে মহোৎসৱৰ কবি-লেখক সকলৰ মাজত এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ টাইঅ’ ফুজিয়ে কোকৰাঝাৰত প্ৰথমবাৰ অহা বুলি উল্লেখ কৰি তেওঁ আঠখন উপন্যাস লিখা বুলি কয় ৷